Bollywood adapts Dr. Arnab Jan Deka’s Assamese Novel as Hindi TV serial

It is quite rare an event for Assamese literature to witness India government owned Doordarshan National (DD1) TV channel telecasting award winning Assamese storywriter-novelist-filmmaker Dr. Arnab Jan Deka’s original Assamese novel Natun Kurukhetra adapted into a Hindi TV Serial titled NAYA KURUKSHETRA as PRIMETIME “WEEKEND PREMIER” back in 2021 with repeat telecasts on public demands in subsequent years. The Bollywood serial was produced by Canvas Films & TV. After Bharat Ratna Dr Bhupen Hazarika’s maiden Hindi TV serial Lohit Kinare based on Assamese short stories in 1987, this is the second time Assamese authors’ original works have been showcased in primetime national television of government of India. Dr. Arnab Jan Deka is the youngest Assamese storywriter and novelist to have the honour of his novel been adapted for primetime national television by Doordarshan in India. Earlier, his novel Xoixobote Dhemalite : Childhood Dreams had been adapted as an Assamese TV serial of Guwahati Doordarshan by veteran film producer-director Pramod Barua and Brojen Bora. It is the first time his literature has found recognition from Bollywood at pan-India level through television.

Novelist Dr. Arnab Jan Deka also wrote the screenplay and Hindi dialogues of a large segment of the series. Besides, he was also credited as Associate Director of the series. Veteran Punjabi actor-director Parmod Pabbi directed the serial with Rajan Pabbi, Tarun Pabbi, Vikas Molri and Manish Chopra as producers, Inderjit Bansel and Mukesh Singh as directors of photography, Parmod Pabbi with Arnab Jan Deka, Surinder Bath and Monika Gaur as screenplay and dialogue writers, Sunil Naithani and Akhilesh Singh as editors and Vinod Sehgal as music director. Several actors and actresses from Hindi film and television industry including Assam brand ambassador and famous Hollywood-Bollywood actress Priyanka Chopra’s uncle and popular Hindi film actress Parineeti Chopra’s father Pawan Chopra, Parmod Pabbi, Sharhaan Singh, Saras Bharti, Vicky Rajpurohit, Khushi Malhotra, Surinder Bath, Kamalesh Sharma, Sapna Soni, Aadil Sheikh, Leena Sharma, Ravi Sharma, Anjay Kumar, Vikrant Pabbi, Shammi Dwra, Arvind Suri enacted various major roles in the series. Pawan Chopra also lent his voice to several songs in this production.

Besides Dr. Arnab Jan Deka’s Assamese novel Natun Kurukhetra, the same serial also incorporates late Waesqurni Bora and Dr. Arnab Jan Deka’s co-authored story Kecha Xon and late Dr. Lakshmi Nandan Bora’s novel Patal Bhairabi. All the lovers of Assamese literature and visual art are elated at the all India level creative prominence received by Assamese authors through mainstream visuals.

জ্যোতিকণ্ঠৰ জয়মতী

প্রথম ভাৰতীয় ডাব কথাছবি উদ্ধাৰৰ ব্যর্থ অভিযান

–অৰ্ণৱ জান ডেকা

প্রান্তিক, ১৬ মার্চ ২০০৮

প্রতি বছৰে দহ মাৰ্চৰ দিনটো অহাৰ গে লগে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্রতি আনুগত্য থকা প্ৰতিগৰাকী অসমীয়াই ৰূপকোৱৰ জ্যোতিপ্ৰসাদৰ অনন্য সৃষ্টি ‘জয়মতী’ কথাছবিখন স্মৰণ কৰি পৰম গর্ব অনুভব কৰে। সম্প্রতি সৰবৰহী হােৱা শব্দ ‘চলচ্চিত্র’ৰ সলনি কথাছবি’ শব্দটো উদ্দেশ্যপূর্ণভাৱে ব্যৱহাৰ কৰিয়েই এই ৰচনাখন লিখা হৈছে। কাৰণ ‘জয়মতী” কথাছবিক লৈ অসমীয়া জাতিৰ গৰ্বতকৈও সকলে ভাৰতীয়ই গর্ব কৰিব পৰা এটা অনন্য অভিলেখাে যে ৰূপকোঁৱৰে স্থাপন কৰিছিল, সেই অবিস্মৰণীয় আবিষ্কাৰটো কবি ‘জয়মতীৰ নিৰ্মাণত শব্দৰ অবিস্মৰণীয় ব্যৱহাৰত ৰূপকোৱৰৰ বাটকটীয়া ভূমিকাৰ প্রতি শিৰ নত হৈ যায়। ১৯৩৫ চনৰ দহ মাৰ্চত কলিকতাৰ ৰৌনাক প্রেক্ষাগৃহত প্রমথেশ বৰুৱা, পৃথ্বীৰাজ কাপুৰ, ধীৰেন গাংগুলী প্রভৃতি ভাৰতীয় চলচ্চিত্র জগতৰ প্রবাদ পুৰুষৰ উপস্থিতিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী’ কথাছবিৰ প্রদর্শন কাৰ্যসূচীৰ উন্মোচন কৰাৰ লগে লগে এই সৰ্বভাৰতীয় অভিলেখ স্থাপন হৈছিল। ইমান বছৰে এই সর্বভাৰতীয় অভিলেখৰ বাবে প্রাপ্য স্বীকৃতি নােপােৱাকৈয়ে ৰূপকোঁৱৰৰ ‘জয়মতী’ সবর্ভাৰতীয় পর্যায়ত অৱহেলিত হৈ আছিল যদিও ১৯৯৫ চনত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উদযাপনৰ সময়তে জ্যোতিকণ্ঠৰে সজোৱা জয়মতী’ৰ সেই প্ৰথমটো ঐতিহাসিক চলচ্চিত্র-প্রিন্ট আবিষ্কাৰৰ লগে লগে বােম্বে চহৰত তাৰে সূত্র ধৰি আমাৰ অসমীয়া চলচ্চিত্ৰৰ জনকগৰাকীৰ সৰ্বভাৰতীয় পথপ্রদর্শক ভূমিকাটো প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিলাে। সেই গৌৰৱময় অভিযানৰ কাহিনী অসমৰ সাংস্কৃতিক ইতিহাসৰ এক চিৰস্মৰণীয় অধ্যায়।

চলচ্চিত্ৰৰ আগ্রহী দর্শক আৰু বাতৰিকাকতত চলচ্চিত্ৰৰ মনােজ্ঞ চর্চাকাৰী লেখক হিচাপে বিশ্ব চলচ্চিত্ৰৰ ৰথী-মহাৰথীসকলৰ সৈতে যি সৌহার্দপূর্ণ সম্পর্ক গঢ় লৈ উঠিছিল, তাৰে সুবাদতে ১৯৯৫ চনত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে অনুষ্ঠিত ভালেকেইটা চৰকাৰী-বেচৰকাৰী অনুষ্ঠানত অংশগ্ৰহণৰ সুযােগ মিলিছিল।

সেই বছৰতে অসমীয়া চলচ্চিত্রয়াে গৌৰৱৱাজ্জ্বল ছটা দশক সম্পূর্ণ কৰিছিল। এই উপলক্ষে অসম চৰকাৰৰ চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সৌজন্যত নিগমৰ অধ্যক্ষক সভাপতি, বাইছকুণী বৰাক কাৰ্যবাহী সভাপতি আৰু এই লেখক সচিব প্রধানৰূপে নির্বাচন কৰি বিশ্ব চলচ্চিত্র শতবার্ষিকী উদযাপন সমিতিৰ অসম শাখা গঠন কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰৰ মহীৰহসকলে কটন কলেজত এখন ৰাজহুরা সভা পাতি এখন বেচৰকাৰী সমিতিও গঠন কৰি দিছিল। প্রয়াত গিৰীশ চৌধুৰী, | সত্যপ্ৰসাদ বৰুৱা, অনিল চৌধুৰী, দিলীপ কুমাৰ হাজৰিকা, ৰত্ন ওজা, বিজয় শংকৰ, | বিজু ফুকন, নিপন গোস্বামী, প্রাঞ্জল শইকীয়া, মাখন দেৱান, ব্ৰজেন বৰা প্রভৃতিয়ে আগ্ৰহেৰে অংশগ্ৰহণ কৰা এই সভাত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী আৰু অসমীয়া চলচ্চিত্ৰৰ হীৰক জয়ন্তী উদযাপন বাবে অর্থবহ কার্যসূচী গ্রহণ কৰিবলৈ বিজু ফুকন, দিলীপ কুমাৰ হাজৰিকা, প্রাঞ্জল শইকীয়া, ৰত্ন ওজা, অর্ণৱ জান ডেকা, মাখন দেৱান আৰু গৌতম চৌধুৰীক লৈ এখন আহ্বায়ক সমিতিও গঠন কৰি দিয়া হৈছিল।

সেই সংক্রান্তত ১৯৯৫ চনৰ জানুৱাৰি মাহত মুম্বাইলৈ যাওঁতে অতি অপ্রত্যাশিতভাৱে জ্যোতিৰ সুধাকণ্ঠৰে ধন্য হৈ থকা ‘জয়মতী চলচ্চিত্র প্রথম সংস্কৰণৰ প্ৰিণ্ট (অৰিজিনেল প্রিন্ট’) এটা আবিষ্কাৰ কৰাৰ সৌভাগ্য হৈছিল, আৰু তাৰে আলমতে জ্যোতিপ্ৰসাদৰ সৰ্বভাৰতীয়, চলচ্চিত্রলৈ থকা অভিলেখকাৰী অৱদানকো যথার্থভাৱে প্রতিষ্ঠা ৰাটো সম্ভৱ হৈছিল। চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে সুভাষ ঘাইৰ নেতৃত্বত হিন্দী চলচ্চিত্র জগতে আয়ােজন কৰা এটা সংগীতমুখৰ সন্ধিয়াৰ অনুষ্ঠানলৈ ভাৰতৰ সকলাে আঞ্চলিক ভাষার চলচ্চিত্ৰৰ প্রতিনিধিকে নিমন্ত্রণ কৰি একো আষাৰ নিজৰ আঞ্চলিক চলচ্চিত্ৰৰ বিষয়ে ক’বলৈ সুযােগ দিয়া হৈছিল। দর্শকৰ শাৰীত আমি ৰােমানিয়া বিশ্ববিখ্যাত অভিনেত্রী ডায়েন ৱাকাৰু আৰু বিখ্যাত চলচ্চিত্র সমীক্ষক পাৰভেজ দেৱানৰ সৈতে একেলগে বহিছিলাে, আৰু তেওঁলােকক ইতিমধ্যে জ্যোতিপ্ৰসাদৰ অবিস্মৰণীয় সৃষ্টি জয়মতী’ আৰু পাছৰ ছটা দশকৰ অসমীয়া চলচ্চিত্ৰত্ৰাৰ চমু ইতিহাস ঘৰুৱা আলাপতে জনাই থৈছিলাে। গতিকে অসমীয়া চলচ্চিত্ৰৰ দুগৰাকী প্রতিনিধিরে মঞ্চলৈ গৈ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ নাম পর্যন্ত উচ্চাৰণ নকৰাত তেওঁলােকে অবাক হৈছিল। পৰবৰ্তী দিনকেইটাত জ্যোতিপ্ৰসাদৰ অসামান্য অবদান আৰু ‘জয়মতী’ৰ বাটকটীয়া ভূমিকা সম্পর্কে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰচাৰ কাৰত তেওঁলােক দুগৰাকীয়ে পার্মানে সহযােগৰ প্রতিশ্রুতি দিছিল।

প্রায় সমসাময়িকভাৱে দিলীপ বসু নামৰ এগৰাকী অভিনেতাৰ সৈতে মােৰ পৰিচয় হয়। অসমীয়া চলচ্চিত্ৰৰ জন্মকাহিনী দিলীপ বসুৱে ভালদৰে জানিছিল। এই বর্ষীয়ান অভিনেতাগৰাকীৰ প্ৰাক-স্বাধীনতা কালৰ ভাৰতীয় চলচ্চিত্র উদ্যোগৰ সৈতেও কিছু সম্পর্ক আছিল। জ্যোতিপ্ৰসাদৰ অনন্য সৃষ্টি “জয়মতী’ অসমৰ ৰাইজে ভালদৰে সংৰক্ষণ কৰিব নােৱৰা বাবে তেখেতে ক্ষোভ প্রকাশ কৰিছিল আৰু মােক এটা গুৰুত্বপূর্ণ খবৰ দিছিল। জ্যোতিপ্ৰসাদে ‘জয়মতী’ নির্মাণ কৰিবলৈ গৈ শব্দগ্রহণৰ বিসংগতিৰ বাবে সুদূৰ লাহােৰৰ ষ্টুডিঅ’ত বহি অকলে প্রায় বিয়াল্লিছটা চৰিত্ৰৰ কণ্ঠ নিজেই দি পুনৰ শব্দগ্ৰহণ কৰি সম্পূৰ্ণ কৰা ছবিখনৰ প্রথম সংস্কৰণৰ এটা প্রিন্ট হেনাে এতিয়াও অক্ষত হৈ আছে আৰু দিলীপ বসুরেও পৰীক্ষা কৰাৰ সুযােগ পাইছে। বসুৰ কথাৰ সত্যতা পৰীক্ষা কৰি মই নিঃসন্দেহ হলাে।

সেই সময়তে মােৰ মনত এই প্ৰসংগৰ উদয় হ’ল : ১৯৩৫ চনত জ্যোতিপ্রসাদে বাধ্যত পৰি ‘জয়মতী’ৰ বাবে শব্দ | পুনৰগ্ৰহণ বা ‘ডাবিং’ পদ্ধতি উদ্ভাবন কৰিবলগীয়া হৈছিল। কিন্তু তেতিয়ালৈকে, ভাৰতত চলচ্চিত্র নির্মাণত প্রত্যক্ষ শব্দগ্রহণ পদ্ধতিতে প্রয়ােগ হৈছিল। শুটিংস্থলীতে দৃশ্যগ্ৰহণৰ সময়ত বাণীবদ্ধ কৰা শব্দৰ বিকল্প ডাবিং পদ্ধতিৰ তেতিয়ালৈকে ভাৰতত উদ্ভাৱন বা ব্যৱহাৰ হােৱা নাছিল। তেন্তে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পাকচক্ৰত পৰি ‘জয়মতী’ৰ বাবেই ডাবিং পদ্ধতি উদ্ভাবক বা প্রয়ােগকাৰী প্ৰথম ভাৰতীয় কথাছবি নির্মাতাৰ অভিলেখ স্থাপন কৰিলে নেকি? এই প্রশ্নটোৰ সমিধান থাউকতে পােৱা নাছিলাে। সম্প্রতি প্রায় সকলাে ভাৰতীয় চলচ্চিত্রতে ডাবিং পদ্ধতিৰ বহুল প্রয়ােগ জনপ্রিয় যদিও প্রথম ভাৰতীয় ডাবিং কৰা চলচ্চিত্রনাে কোনখন, সেই সম্পর্কত তথ্যবিজ্ঞসকলাে নিমাত।

তাৰে সুযােগ লৈ মুম্বাইত অনুষ্ঠিত চলচ্চিত্র শতবার্ষিকী অনুষ্ঠানত মাদ্ৰাজৰ এভিএম ষ্টুডিঅ’ৰ গৰাকী চলচ্চিত্র প্রযোজক এম সৰভাননে ৰাজহুরা মঞ্চৰপৰা সদম্ভে ঘােষণা কৰিলে যে ১৯৩৭ চনত তামিল চলচ্চিত্রই ডাবিং পদ্ধতি আবিষ্কাৰ কৰিছিল। যিহেতু জ্যোতিকণ্ঠৰ ‘জয়মতী’ৰ প্রামাণ্য তথ্য মােৰ হাতত ইতিমধ্যে আহি পৰিছিল, সৰভাননৰ সেই উক্তিৰ মই তীব্র প্রতিবাদ কৰিছিলাে। কাৰণ ১৯৩৫ চনতে নির্মিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ কথাছবিত ডাবিং পদ্ধতি প্ৰথমবাৰলৈ প্রয়োেগ হৈছিল। গতিকে সৰভাননৰ দাবী অনুসৰি ১৯৩৭ চনত নির্মিত তামিল কথাছবিয়ে ভাৰতীয় চলচ্চিত্রত ডাবিং পদ্ধতি প্ৰথমবাৰলৈ প্ৰয়ােগ কৰা কৃতিত্বৰ অংশীদাৰ হ’ব নােৱাৰে। | মই দেখি আশ্চর্য মানিছিলাে যে সেই অনুষ্ঠানত অসমীয়া চলচ্চিত্র প্রতিনিধি বুলি সদম্ভ উপস্থিতি সাব্যস্ত কৰি থকা ব্যক্তি দুগৰাকীয়ে সৰভাননৰ অবৈজ্ঞানিক আৰু তথ্যহীন দাবীৰ প্রতিবাদ কৰি এষাৰাে মাত নামাতিলে। মই কেৱল লেখক আৰু তথ্যচিত্র নির্মাতাৰ পৰিচয়েৰেহে অনুষ্ঠানত উপস্থিত আছিলাে বাবে অসমৰ প্রতিনিধি দুগৰাকীৰ গদগদ মৌনতাৰ সন্মুখত মােৰ তীব্র প্রতিবাদ ভােটা হৈ পৰিছিল, আৰু সেই পৰিস্থিতিটোত মােক সেই শিল্পী দুগৰাকীয়ে কোনাে সহায়-সমর্থন আগ নবঢ়ালে।

মই অৱশ্যে নিৰাশ নহ’লাে। ডায়েনা রাকাৰুৰ দৰে ইউৰােপীয় খ্যাতনামা | অভিনেত্রী আৰু পাৰভেজ দেৱানৰ দৰে বিশিষ্ট চলচ্চিত্ৰৰসিকৰ নৈতিক সমর্থনে মােক সাহস দিছিল। মুম্বাইত থকা দিনকেইটাত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উদযাপনৰ সকলাে কাৰ্যসূচীতে মই জ্যোতিপ্ৰসাদ আৰু জয়মতী’ৰ প্ৰসংগ উলিয়াইছিলাে। এই শতবার্ষিকীৰ মাহেন্দ্রক্ষণতে ভাৰতীয় চলচ্চিত্র জগতলৈ ডাবিং প্রযুক্তিৰ আগমন ঘটোৱা কথাছবি ‘জয়মতী’ আৰু নির্মাতা জ্যোতিপ্রসাদ আগৰৱালাই প্রাপ্য স্বীকৃতি পাবই লাগিব বুলি এক নিঃসংগ অভিষানত নামি পৰছিলাে। | অতি আনন্দ আৰু কৃতজ্ঞতাবে উল্লেখ কৰিব খুজিছোঁ যে মােক সেই নিঃসংগতাৰ পৰা উদ্ধাৰ কৰি মােৰ কাষত থিয় হৈ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ৰ গৰিমা প্রচাৰ কৰিবলৈ সন্মত হােৱা প্ৰথম চলচ্চিত্ৰব্যক্তিত্ব কেইগৰাকী আছিল ‘গার্ডিয়ান’ কাকতৰ বিশ্ববিখ্যাত চলচ্চিত্র সমীক্ষক ডেৰকে মেলকম, হলিউড ৰিপৰ্টাৰৰ স্বনামধন্যা সাংবাদিক জেনেট ফাইন আৰু ভাৰতৰ আগশাৰীৰ চলচ্চিত্র সমীক্ষক অমিতা মালিক। সৰভাননৰ উক্তি ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হােৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাৰান্তৰে মােৰ সুবিধাই হৈছিল। কাৰণ ‘জয়মতী’ৰ পৰবৰ্তী ডাবিং পদ্ধতি প্রয়ােগ হােৱা ভাৰতীয় কথাছবিখন সম্পর্কে মােৰ হাতত তেতিয়ালৈকে অন্য তথ্য নাছিল। কিন্তু সৰভাননে উল্লেখ কৰা তামিল কথাছবিখন ১৯৩৭ চনতহে নির্মাণ হােৱাৰ পৰিপ্ৰেক্ষিতত ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিপ্রাপ্ত অসমীয়া ছবিখন যে প্রায় দুবছৰ আগতে নির্মিত, সেই অভিলেখ প্রমাণ কৰিবলৈ মােৰ উজু হৈছিল।

ডেকে মেলকম, জেনেট ফাইন আৰু অমিত মালিকে ভাৰতবৰ্ষৰ এক অনগ্ৰসৰ এলেকাত অস্থায়ী ষ্টুডিঅ সাজি জ্যোতিপ্ৰসাদে ‘জয়মতী’ নির্মাণ কৰাৰ অবিশ্বাস্য কাহিনী, আৰু সুদূৰ লাহােৰত গৈ শব্দগ্ৰহণৰ বিজুতি আবিষ্কাৰ কৰিও হতাশ নহৈ স্বকণ্ঠেৰে গােটেইবােৰ চৰিত্ৰৰে সংলাপ ডাব কৰি ভাৰতীয় চলচ্চিত্ৰত ডাবিং পদ্ধতিৰ বাটকটীয়া অভিলেখ স্থাপন কৰাৰ সেই তথ্য বিশ্ববাসীক জনাব বুলি মােক প্রতিশ্রুতি দিছিল। জেনেট ফাইনে পাছত ফ্রান্সৰ বিখ্যাত কাকত ‘লা মণ্ডে’ৰ চলচ্চিত্র সমীক্ষকৰ সৈতেও মােক পৰিচয় কৰাই এই দিশত ইউৰােপৰ সংস্কৃতিৰ ৰাজধানী ক্ষেত্ৰত প্ৰচাৰৰ সুযােগ কৰি দিছিল।

পাছলৈ মই চিনাকি হােৱা পেৰিছৰ বিখ্যাত চলচ্চিত্র পৰিচালক বাট্টাও টেভর্নিয়, প্রযােজক পিয়েৰ বিছিয়ে আৰু এলাইন ডেপাৰ, নিউয়র্কৰ লেখক-চলচ্চিত্ৰকাৰ টেৰন্সে গ্ৰেছ আৰু অষ্ট্রেলিয়ান চলচ্চিত্রৰ কিংবদন্তি পুৰুষ পল কক্সকো এই তথ্যপাতিবােৰ দিছিলাে, আৰু জ্যোতিপ্ৰসাদৰ সাহসিক কৰ্মৰ বৰ্ণনাই বিস্ময় আৰু শ্ৰদ্ধাত তেওঁলােকক অভিভূত কৰা দেখি অসমীয়া হিচাপে পৰম গর্ব অনুভৱ কৰিছিলাে।

হলিউডত সুপ্রতিষ্ঠিত প্রবাসী ভাৰতীয় চলচ্চিত্র নির্মাতা আৰু অভিনেতা ত্রিলােক মালিক আৰু ৰাজ গ্রোভাৰ ১৯৯৫ চনৰ ৮ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিছিল। বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে অসমৰ চলচ্চিত্ৰৰ পিতৃপুৰুষৰ্গৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই তেওঁলােকে মই আয়ােজন কৰা অনুষ্টুপীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু হলিউডত জ্যোতিপ্ৰসাদ আৰু ‘জয়মতী’ৰ গৰিমা প্রচাৰ কৰিব বুলি প্রতিশ্রুতি দিছিল। তেওঁলােকে মােৰ উপস্থিতিতে অসমৰ মুখ্যমন্ত্রী আৰু সাংস্কৃতিক সঞ্চালককে সাক্ষাৎ কৰি জ্যোতিপ্ৰসাদৰ স্মৃতিত নিৰ্মাণ কৰা জ্যোতি চিত্ৰবন স্টুডিঅ’টিত চলচ্চিত্র আর্কাইভ নির্মাণ কৰি জ্যোতিকণ্ঠৰ প্ৰথম অসমীয়া ছবিখনৰ লগতে অন্যান্য মূল্যবান অসমীয়া চলচ্চিত্র সংৰক্ষণৰ বাবে অনুৰােধ জনাইছিল। লগতে জ্যোতিৰ স্মৃতিত নির্মিত এই ষ্টুডিঅ’টিক বিশ্বমানৰ কৰিবলৈ হলিউডৰ ষ্টুডিঅ’ৰ সহযােগিতা আগবঢ়াবলৈকো প্রতিশ্রুতি দি গৈছিল। | ত্রিলােক মালিক, জেনেট ফাইন প্রভৃতিৰপৰা মই পাছলৈকো চিঠি-পত্র পাই আছিলাে। হলিউডলৈ উভতি গৈ মালিকে অসমীয়া চলচ্চিত্ৰৰ জনকগৰাকীৰ বিৰল কীর্তি বখনি আৰু এম সৰভননৰ দাবী খণ্ডন কৰি দিয়া সাক্ষাৎকাৰৰ কাকতত পঢ়াৰ সৌভাগ্য মোৰ হৈছিল। কিন্তু বহির্বিশ্বত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু তেওঁৰ অমৰ কীর্তি ‘জয়মতীয়ে স্থাপন কৰা প্রযুক্তিগত অভিলেখ সন্দৰ্ভত ব্যাপক প্রচাৰ আৰম্ভ হৈ যােৱাৰ পাছতে অসমত এতিয়ালৈকে এই অনন্য অভিলেখ সম্পর্কে কোনাে বিস্তাবিত চর্চা নােহােৱাটো পৰিতাপৰ কথা।

সেরােহে অসমৰ ৰাইজক জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ প্রথম প্রিন্ট উদ্ধাৰ আৰু সেই চলচ্চিত্রই স্থাপন কৰা অভিলেখ সম্পর্কে জনাবলৈ ১৯৯৫-৯৬ চনৰ সময়ছােৱাত অসমৰ বাতৰিকাকতবােৰত অতি ব্যাপক হাৰত লিখা-মেলা কৰিছিলাে।

মােৰ লেখাৰ সমর্থনত ‘দি আছাম ট্রিবিউন’ত প্রসিদ্ধ নাট্যকাৰ-অভিনেতা প্রয়াত সত্যপ্রসাদ বৰুৱা আৰু দৈনিক অসমত চলচ্চিত্ৰকাৰ-চিত্রশিল্পী গৌৰী বৰ্মনে অতি উচ্ছ্বসিতভাৱে লিখি বিষয়টোক সামাজিক মান্যতা দিছিল। | তাৰে দ্বাৰাই উদ্বুদ্ধ হৈ জ্যোতিপ্ৰসাদৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই দৈনিক অসমত ২১ জুলাই ১৯৯৬ তাৰিখে ‘জয়মতীৰ প্রিন্ট : মই যি জানাে’ শিৰােনামাৰে অতি প্ৰেৰণাদায়ক আৰু তথ্যসমৃদ্ধ লেখা এটা প্ৰকাশ কৰিছিল। ভৱিষ্যতৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিবলৈ সেই লেখাটোৰ কিছু উদ্ধৃতি দিয়া হ’ল —

“দেওবৰীয়া দৈনিক অসমত (২৬ মে ১৯৯৬ সংখ্যা) শ্ৰীঅৰ্ণৱ জান ডেকাৰ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ সম্পূর্ণ প্রিন্ট সঙ্গে পােৱা সম্পর্কে লিখা বাতৰিটো পঢ়ি আনন্দিত হলাে। ই অসমৰ সকলােৰে কাৰণে এটা অতি আনন্দৰ কথা। তাৰ পিছতে ‘আছাম ট্রিবিউন কাকতৰ ‘চাইৰামা’ শিতানত শ্রীসত্য প্ৰসাদ বৰুৱাৰ লেখাখিনিও অতি মহত্তপূর্ণ।

এই উদ্ধাৰ হােৱা প্রিন্টটো যদিহে ভাল অৱস্থাত আছে, ই অসমৰ ফিল্মজগতৰ এটা নাটকীয় ঘটনা হ’ব, কাৰণ এই প্রিণ্টটোত জ্যোতিপ্ৰসাদৰ নিজৰ মাতেৰে ‘ডাক’ কৰা আছিল আৰু আবহ সংগীততাে তেওঁৰ নিজৰ কণ্ঠস্বৰ আছিল। ১৯৩৪ চনত জ্যোতিপ্রসাদে যেতিয়া ‘জয়মতী’ৰ নিগেটিভটো লাহােৰলৈ প্রিন্ট কৰিবলৈ লৈ যায়, তেতিয়া দেখিলে যে ছাউণ্ড নিগেটিভখনৰ কিছু অংশৰ বাহিৰে প্রায় সকলােখিনিয়েই অস্পষ্ট আৰু বুজিব নােৱাৰি। মাত্র ফলী শৰ্মা আৰু ডা ললিত চৌধুৰীৰ মাতহে কিছু বুজিব পৰা আছিল। জ্যোতিপ্ৰসাদৰ মূৰত সৰগ ভাগি পলিI আকৌ কেনেকৈ অতখিনি শিল্পীক লাহােৰলৈ লৈ যাব? তাতে মহিলা শিল্পী লৈ যােৱাটো একেবাৰেই অসম্ভৱ। … সেই সময়ত ‘ডাবিং কৰাটোও প্রায় অসম্ভৱ কথা। আমাৰ দেশত তেতিয়া ডাবিং মেছিন নাছিলেই, মেগনেটিক ৰেকর্ডিঙো ওলােৱা নাছিল। উপায়ান্তৰ হৈ জ্যোতিপ্ৰসাদে নিজেই মহিলা আৰু মুনিহ দুয়ােৰে কণ্ঠৰ দি গােটেই ছবিখন প্রজেকশন কৰি লগে লগে মাত-কথা ৰেকৰ্ড কৰি এটা অসাধ্য কাম সমাধা কৰিলে। আনকি আবহ সংগীততাে তেওঁ নিজে অর্গেন আৰু আন এজন ল’ৰাক ভায়’লিন বজাবলৈ দি ৰেকৰ্ড কৰিলে। ছবিখনৰ মাত ওলাল ঠিকেই, কিন্তু নিখুঁত নহ’ল। এই প্রিন্টটো আনিবলৈ সেই সময়ত জ্যোতিপ্ৰসাদৰ অর্থাভাৱ আছিল। অৱশেষত তেওঁ নিজৰ ৩৫ মি.মি. কেমেৰা, অর্গেন আদি বন্ধক দি মাত্র এটা প্রিন্ট আনিব পাৰিলে। অৰিজিনেল নিগেটিভ লাহােৰতে

১৯৩৫ চনৰ ১০ মার্চত কলিকতাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা শুভ উদ্বোধন কৰােৱালে। এই প্রথম প্রিণ্টটোৱেই অসমৰ চহৰে-নগৰে সকলাে ঠাইতে নিজৰ প্রজের যােগে থিয়েটাৰ হলবিলাকত ভাতৃ বিবেকানন্দই প্রদর্শন কৰি ফুৰিছিল।

১৯৪২ চনত জ্যোতিপ্রসাদ ভাৰত ত্যাগ আন্দোলনত যােগ দি অন্তৰীণ অৱস্থাত থাকে। এইখিনি সময়তে (তাৰিখটো মােৰ মনত নাই) ভাতৃ কমলা প্রসাদে ‘জয়মতী’ৰ আৰিজিনেল নিগেটিভ লাহােৰৰপৰা আনিব নােৱাৰি ‘জয়মতী’ৰ ডাব প্রিণ্টটোৰপৰাই কলিকতাৰ বেংগল ফিল্ম লেবৰেটৰিত এখন dupe negative কৰােৱায়। সেইটো তেজপুৰলৈ অনা হ’ল। ১৯৪৩ চনত জ্যোতিপ্ৰসাদে ইন্দ্ৰমালতী আৰু জয়মতী’ৰ অবিজিনেল প্রিন্ট এটা মােক চলাবলৈ দিয়ে। ….

এতিয়া দেখা যায়, জয়মতী’ৰ এটা অৰিজিনেল প্রিন্ট বেংগল ফিল্ম লেবৰেটৰিত থাকিল আৰু এটা প্রিন্ট অসমৰে অধ্যাপক’ নামে জনাজাত এজন লােকক জ্যোতিপ্ৰসাদে অন্তৰীণ হােৱা সময়ত চলাবলৈ দি গৈছিল। এই দুটা অৰিজিনেল প্রিন্ট বাহিৰত আছিল—এই দুটা জ্যোতিপ্ৰসাদে নিজে ‘ডাব ক, আনকি আবহ সংগীতাে নিজে কৰা। | এতিয়া শ্ৰীঅৰ্ণৱ জান ডেকাই যি প্রিন্টটো উদ্ধাৰ হ’ল বুলি জনাইছে, সেই প্রিন্টটো এই বাহিৰত থকা দুটাৰ ভিতৰৰে এটা হ’ব নাইবা বেংগল ফিল্ম লেবত থকাটোও হ’ব পাৰে। গতিকে বর্তমান উদ্ধাৰ হােৱা প্রিণ্টটো ক’ৰপৰা আৰু কেতিয়া পােৱা হ’ল, তাৰ সবিশেষ জানি চলাই চালেহে আচল তথাৰ উদঘাটন হ’ব। ….যদিহে ই অৰিজ্বিনেল প্রিন্ট, তেতিয়া তাত জ্যোতিপ্ৰসাদৰ মাত-কথা আৰু লীলা দেৱীৰ কণ্ঠস্বৰ (লুইতৰে পানী’) থাকিব লাগিব। | এতিয়া শ্রীডেকাই যিটো প্রিন্ট পাইছে, সেইটো পৰীক্ষা কৰি চালে সকলাে আঁতিগুৰি জনা যাব। মােৰ মনেৰে তেওঁ এই বিষয়ে অভিজ্ঞ লােকসকলক লৈ এখন কমিটি গঠন কৰি পুনৰুদ্ধাৰ হােৱা প্রিন্টটো প্রদর্শন কৰিলে এই বিষয়ে সবিশেষ ঠাৱৰ কৰিব পৰা হ’ব। যদিহে এই প্রিণ্টটো প্রথম “ডাৰ কৰা প্ৰিণ্টটোৱেই হয়, তেতিয়া বােধহয় ভাৰতত ডাবিং ফিল্ম এইখনেই প্ৰথম হ’ব পাৰে বুলি শ্রী সত্যপ্রসাদ বৰুৱাই বহু দিনৰ আগেয়ে মত পােষণ কৰি মােক কৈছিল।

হৃদয়ানন্দ আগৰৱালা,

তেজপুৰ, ৩/৭/৯৬”

স্বয়ং জ্যোতি-ভাতৃৰ এই লেখাটো প্রকাশ হােৱাৰ পাছত অসমীয়া ৰাইজ আৰু অসম চৰকাৰৰপৰা যি ধৰণৰ উদ্দীপনাময় সঁহাৰি আশা কৰা হৈছিল, সেয়া পােৱা নগ’ল। জ্যোতিকণ্ঠৰে সজ্জিত প্রথম ভাৰতীয় ডাব কথাছবিখনৰ পূৰ্ণাংগ প্রিন্টটো উদ্ধাৰ কৰি অসমতে আর্কাইভ নির্মাণ কৰি সংগ্ৰহৰ কোনাে উদ্যোগ চৰকাৰেও নললে আৰু ৰাইজৰপৰাও তেনে কোনাে জনমত গঢ় লৈ নুঠিল। গতিকে মই ‘জয়মতী’ৰ পূৰ্ণাংগ প্রথম সংস্কৰণৰ প্ৰিণ্টটো উদ্ধাৰকে ধৰি সৰ্বমুঠ ছুটা আনুষ্ঠানিক প্রস্তাৱ সন্নিবিষ্ট কৰি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালকলৈ ১৯ আগষ্ট, ১৯৯৬ তাৰিখে এখন বিস্তাবিত পত্র লিখিলাে। কিন্তু সঞ্চালকে সঁহাৰি জনােৱাতাে বাদেই, মােৰ চিঠিৰ প্রাপ্তি স্বীকাৰ কৰাৰাে সৌজন্য নেদেখুৱালে। | প্রায় এবছৰ ৰৈ চৰকাৰী পৰপৰা কোনাে কার্যব্যৱস্থা গ্ৰহণৰ উমান নাপাই ৪ জুলাই ১৯৯৭ তাৰিখে দহটা প্রস্তাৱেৰে অন্য এখন আনুষ্ঠানিক পত্ৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিবলৈ পঠালো। তাৰ প্রতিলিপি মুখ্যমন্ত্ৰীলৈয়াে পঠোৱা হ’ল।

একে সময়তে অসম চৰকাৰৰ ওপৰত ৰাজহুৱা হেঁচাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে মােৰ চিঠিৰ বিষয়বস্তুৰে বাতৰিকাকতত এলানি স্বয়ংসম্পূর্ণ আৰু বিস্তাৰিত প্রবন্ধ লিখিলাে। প্রবন্ধলানিৰ শিৰােনামা আৰু প্ৰকাশপঞ্জী এনেধৰণৰ —

(১) প্রথম ভাৰতীয় ডাবিং পদ্ধতিত। নির্মিত চলচ্চিত্র ‘জয়মতী’ (দৈনিক অসম/২৬ জুলাই ১৯৯৬)।

(২) অসমীয়া চলচ্চিত্ৰৰ উন্নয়ন ও প্রবাসী ভাৰতীয়ৰ প্ৰস্তাৱ (দৈনিক অসম/১৪ মার্চ ১৯৯৭)।

(৩) জয়মতী’ৰ প্ৰিণ্ট উদ্ধাৰ ? বিধান সভাই প্রস্তাৱ লওক (দৈনিক অসম ২১ মার্চ ১৯৯৭)।

(৪) মােৰ এটা সপােন ঃ অসমত দুশ চলচ্চিত্র মাল্টিপ্লেক্স (দৈনিক অসম/২০ এপ্রিল ১৯৯৭)।

(৫) জ্যোতি চিত্রবনত ফিল্ম ইন্সটিটিউট স্থাপনৰ প্ৰস্তাৱ (দৈনিক অসম/২ মে’ ১৯৯৭)।

(৬) অসমৰ চলচ্চিত্র জগতৰ উন্নয়ন (দৈনিক অসম/১৩ জুন ১৯৯৭)।

–এই লেখাবােৰ একেলেথাৰিয়ে প্রকাশ পাবলৈ ধৰাত অসম চৰকাৰৰ পক্ষে ব্যৱস্থা নােলােৱাকৈ থকাৰ উপায় নাছিল। অসম গণ পৰিষদৰ বর্তমান সভাপতি তথা প্রাক্তন শিক্ষামন্ত্রী বৃন্দাবন গােস্বামীয়ে মােৰ প্ৰবন্ধৰ প্রসংগ টানি আনি অসম বিধান সভাত ‘জয়মতী’ৰ অৰিজিনেল প্রিন্ট উদ্ধাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জনাবলৈ মনােযােগ আকর্ষক প্রস্তাব উত্থাপন কৰিলে। কংগ্ৰেছ দলৰ প্ৰাক্তন স্বাস্থ্যমন্ত্রী আবু ছালেহ নিজামুদ্দিনেও সমধর্মী প্রশ্ন তুলি বৃন্দাবন গােস্বামীক সমর্থন দিলে। গতিকে সাংস্কৃতিক দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াক হেঁচা দি জবাবদিহি কৰিবলৈ বাধ্য

অৱশেষত চৰকাৰে নেৰানেপেৰা যত্নৰ ওচৰত নতি স্বীকাৰ কৰি মই উত্থাপন করা বিষয়কেইটা আলােচনা কৰিবলৈ ৭ আগষ্ট, ১৯৯৭ তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত থকা সাংস্কৃতিক সঞ্চালকৰ কার্যালয় কক্ষত এখন চৰকাৰী সভা আহ্বান কৰিলে। সভালৈ বুলি মেমাে নং-চিএএম ১৫/৯৭ আৰু ৬ আগষ্ট ১৯৯৭ দিনাংকৰ চৰকাৰী নিমন্ত্রণপত্র মােলৈকো আহিল।

সভাখনত অসম চৰকাৰৰ হৈ সাংস্কৃতিক দপ্তৰৰ সচিব আৰু সঞ্চালক, অসমীয়া চলচ্চিত্র জগতৰ হৈ বিশিষ্ট পৰিচালক কুলদা কুমাৰ ভট্টাচার্য আৰু অভিনেতা প্রাঞ্জল শইকীয়াৰ উপস্থিতি মােৰ মনত আছে। সভাখনত মই লিখিত পত্রযােগে উত্থাপন কৰা প্ৰস্তার কেইটাৰ ভিত্তিতে বিস্তাৰিত আলােচনা হৈছিল। মােৰ প্ৰস্তাৱকেইটা আছিল–

(১) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সুৱদি কণ্ঠ বিৰাজ কৰা জয়মতী’ কথাছবিৰ অৰিজিনেল প্রিন্টটো অসম চৰকাৰে উদ্ধাৰ কৰি আনি বিজ্ঞানসন্মত সংৰক্ষণৰ শীঘ্নে ব্যৱস্থা লওক। এই প্ৰিণ্টৰ ডুপ নিগেটিভ, অতিৰিক্ত প্রিন্ট আৰু ভিডিঅ’ কেছেট কৰাৰাে ব্যৱস্থা লওক। (তেতিয়ালৈ ডিভিডি বা ভিছিডিৰ ব্যৱহাৰ জনপ্ৰিয় হােৱা নাছিল)।

(২) জয়মতী’ যে প্রথম ভাৰতীয় ডাব চলচ্চিত্র, সেই অভিলেখ সর্বভাৰতীয় স্তৰত প্রতিষ্ঠাৰ বাবে চৰকাৰে ব্যৱস্থা লুক।

(৩) জয়মতীৰ বাহিৰেও অন্যান্য অসমীয়া কলাসন্মত আৰু ঐতিহাসিক গুৰুত্বপূর্ণ চলচ্চিত্র বিজ্ঞানসন্মত সংৰণৰ বাবে এটা আর্কাইভ স্থাপন কৰক।

(৪) জ্যোতি চিত্ৰন ফিল্ম ষ্টুডিঅ’ক আন্তর্জাতিক মানৰ কৰি গঢ়ি তােলাৰ বাবে প্রবাসী ভাৰতীয় চিত্রনির্মাতাই দি যােৱা প্রস্তাব অনুসৰি অসম চৰকাৰে শীঘ্ৰে সঁহাৰি দিয়ক।

(৫) জ্যোতি চিত্ৰবনৰ বৰ্তমানৰ আন্তঃগাঁথনিকে ব্যৱহাৰ কৰি এটা ফিল্ম ইন্সটিটিউট স্থাপন কৰি চলচ্চিত্র নির্মাণ শিক্ষা অসমত সহজলভ্য কৰক।

(৬) হলিউডৰ ৱার্নাৰ ব্রাদাছৰ সহযােগত অসমৰ মফচল চহৰবােৰত, প্রতি ব্লকতে এটাকৈ দুরুদ্র ছিনেমা হল তথা মাল্টিপ্লেক্স স্থাপন কৰক। ;

(৭) অসমৰ থলুৱা ভাষাত নির্মিত ” চলচ্চিত্র প্রদর্শনৰ ক্ষেত্ৰত আমােদকৰ সম্পূর্ণ বেহাই দিয়ক, আৰু বাহিৰৰ চলচ্চিত্র | প্ৰদৰ্শনৰ ক্ষেত্ৰত দুশ শতাংশ আমােদকৰ প্রবর্তন কৰক।

(৮) ইংৰাজীত ‘হিষ্টৰি অৱ আছামিজ ছিনেমা’ নামেৰে অসমীয়া চলচ্চিত্ৰৰ বিষয়ে সচিত্র গ্রন্থ প্রণয়ন আৰু প্ৰকাশৰ ব্যৱস্থা কৰক।

(৯) অসমৰ থলুৱা চলচ্চিত্রক প্রতিবছৰে চৰকাৰী বঁটা প্ৰদানৰ ব্যৱস্থা

(১০) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা বিজয়ী অসমৰ সকলাে থলুৱা চলচ্চিত্ৰ ৰাজ্যখনৰ সকলাে ছিনেমাহলত বাধ্যতামূলকভাৱে প্রদর্শনৰ ব্যৱস্থা কৰক।

মােৰ প্রতিটো প্রস্তাৱ সভাত যুক্তিৰে সাব্যস্ত কৰিছিলাে আৰু কুলদা কুমাৰ ভট্টাচার্য আৰু প্ৰাঞ্জল শইকীয়ায়ে মোৰ প্ৰস্তাৱৰ সমর্থনত তেখেতসকলৰ অভিজ্ঞ মতামতেৰে সভাখন মনােগ্রাহী কৰি পেলাইছিল। সভাত সিদ্ধান্ত হৈছিল যে মােৰ আটাইকেইটা প্রস্তাব অসম চৰকাৰে কাৰ্যকৰী কৰিব, আৰু কার্যকৰীকৰণ প্রক্রিয়া তদাৰকৰ বাবে এখন নিৰীক্ষক সমিতি অচিৰেই গঠন কৰিব।

সভাৰ সিদ্ধান্ত কার্যকৰী কৰা চৰকাৰী নির্দেশৰ বাৰে বহুদিন অপেক্ষা কৰিলাে যদিও চৰকাৰী কাম-কাজৰ কোনাে খবৰ মােক নিদি চৰম গােপনীয়তা অৱলম্বন কৰা হ’ল। মোৰপৰা কেৱল ‘জয়মতীৰ অৰিজিনেল প্ৰিণ্টৰ তথ্য আৰু উৎস বিচাৰিহে চিঠি আহিল।

পাছলৈ বাতৰিকাকতৰ পৰাহে মই জানিবলৈ পালাে যে জ্যোতি চিত্রবনত ফিল্ম ইন্সটিটিউট স্থাপন হ’ল; শংকৰদেৱ কলাক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰৰ আর্কাইভ স্থাপন হ’ল; আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে চৰকাৰে বার্ষিক বটা প্ৰদানৰ কাৰ্যসূচী ললে। কিন্তু মােৰ দৰে নগণ্য লেখকক প্ৰস্তাৱকাৰীৰ কৃতিত্বৰ ভাগীদাৰ হ’বলৈ দিয়া নহ’ল। ফিল্ম ইন্সটিটিউট আৰু আর্কাইভ উদ্বোধনী অনুষ্ঠানলৈ মােক প্রস্তাৱকাৰী হিচাপে সৌজন্য প্রকাশ কৰি নিমন্ত্রণ পর্যন্ত কৰা নহ’ল। বার্ষিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানলৈকো নিমন্ত্রণপত্ৰ নাপালো। এইবােৰ চৰকাৰী আমােলাসুলভ মইমতালিৰ প্রতি নির্বিকাৰ হ’বলৈ শিকা বাবে আমাৰ বিশেষ অভিযােগ নাছিল। কিন্তু এই ধামখুমীয়াত আমাৰ ৰূপকোঁৱৰৰ স্বকণ্ঠ সংযােজিত ‘জয়মতী’ৰ ঐতিহাসিক অৰিজিনেল প্রিন্ট উদ্ধাৰ আৰু সংৰক্ষণ, আৰু সেই আপাহতে ‘জয়মতী’ৰ সর্বভাৰতীয় অভিলেখ প্রতিষ্ঠা কৰাৰ উদ্যম তল পৰি গ’ল। বাতৰিকাকতত পঢ়ি ব্যথিত হলাে যে মােৰ চিন্তা-ভাবনাৰ আধাৰতে দাঙি ধৰা প্ৰস্তাৱ অনুসৰি গঢ় লােৱা জ্যোতি চিত্ৰবন ফিল্ম ইন্সটিটিউটৰ বিষয়বাব দখলৰ বাবে কেইবাজনো দিগগজ চলচ্চিত্রব্যক্তিত্বৰ মাজত খোৱা-কামােৰা লাগি গৈছে। এই শিক্ষালয়ৰ পৰিচালনা সমিতিলৈ চৰকাৰৰ অনুমােদিত সদস্যৰূপে ১৯৯৭ চনৰ চৰকাৰী সভাখনৰ দুগৰাকী উপস্থিত লোেক যথাক্রমে কুলদী ভট্টাচার্য আৰু প্ৰাঞ্জল শইকীয়া নির্বাচিত হােৱা খবৰে কাকততে পঢ়িবলৈ পালে যদিও পূৰ্বৰ সভাৰ আঁত ধৰি বাকী প্ৰস্তাৱবােৰ কাৰ্যকৰী কৰা সম্পর্কে তেখেতসকলে মােৰ সৈতে কেতিয়াও কোনােধৰণে যােগাযােগৰ চেষ্টা নকৰিলে।

জ্যোতিপ্ৰসাদৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে কাৰ্যসূচী গ্রহণৰ বাবে অসম সাহিত্য সভাই এখন ৰাজহুৱা সভালৈ মােক পুনৰ নিমন্ত্রণ কৰিছিল। সাহিত্য সভাৰ তদানীন্তন সভাপতি হােমেন বৰগােহাঞিৰ সভাপতিত্বত অনুষ্ঠিত সেই সভাত মই জ্যোতিপ্ৰসাদৰ স্বকণ্ঠ সংযােজিত ‘জয়মতী’ৰ অৰিজিনেল প্রিন্ট উদ্ধাৰৰ বাবে সাহিত্য সভাক শতবার্ষিকী বর্ষতে জনমত গঠন কৰি কাৰ্যসূচী ল’বলৈ পুনৰ এটা প্রস্তাব উত্থাপন কৰিছিলো। কিন্তু সেই প্রস্তাব প্রত্যাখ্যান কৰি অসম সাহিত্য সভাই নিজা প্রযােজনাত ‘জয়মতী’ পুনৰ নিৰ্মাণৰহে এক অবাস্তৱ আৰু হাস্যকৰ প্রস্তাৱ গ্ৰহণ কৰে। স্বাভাৱিকতে সেই প্রস্তাব অকার্যকৰী হৈ ৰ’ল।

সম্প্রতি ‘জয়মতী’ৰ দ্বিতীয় সংস্কৰণৰ কিয়দংশ হৃদয়ানন্দ আগৰৱালাৰপৰা সংগ্রহ কৰি ডিভিডি বনাই এজন চৰকাৰী বিষয়া আৰু চলচ্চিত্র বিত্ত নিগমৰ অধ্যক্ষাগৰাকীয়ে ‘জয়মতী’ উদ্ধাৰৰ কৃতিত্ব লৈ জার্মেনি ভ্রমণ কৰি অহাৰ খবৰ কাকতত ওলাইছে। আন এগৰাকীয়ে ‘জয়মতী’ পুনৰ নির্মাণে কৰিছে। কিন্তু, ৰূপকোৱৰ জ্যোতিপ্ৰসাদে ১৯৩৫ চনতে নিজৰ কণ্ঠৰে বিয়াল্লিছটা চৰিত্ৰৰ সংলাপ ডাব কৰি আৰু নিজে গীত গাই ‘জয়মতী’ নির্মাণ কৰি ভাৰতবৰ্ষত ডাবিং প্রযুক্তি ব্যৱহাৰৰ বাটকটীয়া হৈ যি দৃষ্টান্ত প্রতিষ্ঠা কৰিছিল, সেই ইতিহাস তল পৰি গ’ল। সেই ঐতিহাসিক প্রিন্ট উদ্ধাৰৰ আৰু অভিলেখ সাব্যস্ত কৰাৰ আমাৰ হেঁপাহাে কালৰ বুকুত হেৰাই যাবলৈ এৰি দিব লগা হ’ল। অসম দেশত সেয়াই অৱধাৰিত পৰিণতি।

Art, Beyond Borders

(In photograph, world cinema legend Polish filmmaker Kryztoff Zanussi with Assamese author-actor-director Arnab Jan Deka)

by Prantik Deka, Saturday, 26 October 2019

https://assamtimes.org/node/22219?fbclid=IwAR2LeV3TFg54AayftcqqvvsF2XNAfcLPVDud3XRFKJFmuTHgd29URhApHV4

A prolific novelist, short story writer, poet, playwright, screenplay writer, documentary filmmaker, columnist, TV actor, river engineer, eco-technocrat all rolled into one, Arnab Jan Deka’s wide-ranging literary interests led him to start writing fiction just at the end of the twentieth century, and two leading Assamese literary journals – Prantik and Goriyoshi, firmly established his reputation as a serious story-writer in Assam. “My first Assamese short story collection in addition to my first novel got published in 1999, and both saw unprecedented success and were runaway hits among readers,” the celebrated author recalls.  And within the next two decades, his short stories and novels received wider readership both within Assam and outside.

“In fact, I received far greater appreciation among the non-Assamese readers outside the state and even India through translation of my writings,” he says. Blessed with an analytical mind and a fertile imagination, Arnab Jan Deka’s first official recognition for his fiction work came in 2003 when one of his short stories – Himalayan Mystic Meeting, won an award at the Katha International Short Story Festival in New Delhi, where it was cited for its “skilful depiction of the essence of Indian heritage and how it blended with the universal philosophy of life”.

His biographical novel on his father, renowned educationist, author, scholar and a pioneer economist of Assam, Principal Bhabananda Deka – Bhaba Ananda Sambad, won him the prestigious Assam Government Publication Board Golden Jubilee Novel Award in 2006.

Subsequently, in the year 2009, the first collection of his translated short stories in Bengali – Mexico Shohore Ekjon Premika Ebong Koyekta Golpa, was published by a publisher from Kolkata’s College Street – a hallowed hub of Kolkata’s literary crowd. “That book received unprecedented popularity among the Bengali speaking public both in West Bengal as well as Bangladesh and opened up new vistas for my literary expedition,” he said. During the next few years, his short story collections got translated into several other languages and published in different corners of the globe, bringing rare recognition to the author.

Deka was also approached by the popular Assamese film actor-director Brojen Borah to adapt one of his popular novels – Soisobote Dhemalite, based on children’s rights to freedom and education, into a television serial in 2010. This serial was the swan song production of eminent producer-actor late Pramod Baruah.

Meanwhile, academics and universities outside Assam started paying special attention to Deka’s short stories as they were regularly published in different leading publications in other languages in translated forms. A leading university of South India – Manonmaniam Sundaranar University, incorporated three of his widely read short stories – Himalayan Mystic Meeting, Three Village Girls and Mother America, into the syllabus of their Masters Degree Program in English language, a rare achievement that Deka himself was, interestingly, unaware of in the beginning. “I only came to know about this rare honour when university and college teachers under that university contacted me online enquiring about publication of my storybook in English containing those three particular stories as they desperately needed my books to teach in classes and prepare research papers on my short stories,” he recollects.

These series of interesting events ultimately led to two significant cinematic collaborations outside of Assam involving his stories and novels. There is something enormously satisfying about seeing such efforts getting a favourable response. “About three years back, I met a Mexican actor Betzabel Falfan who read my popular short story – Mexico Sohorot Ejoni Premika, which was published in Assamese in Prantik in 2002, and was later translated into English, Spanish and other languages and was even published from Mexico,” he says.

After a thorough discussion with the actor, they arrived at an understanding to enlarge the ambit of the storyline into a complete novel and adapt it into a full-length feature film. The story depicts the common anthropological and geographical threads that binds together two extremely opposite cultures from two different corners of the globe into a cohesive force blended in humanism and romance.

Betzabel also proposed that a Spanish version of the film should be made, apart from English and Assamese, so that her fellow countrymen could enjoy the first cinematic collaboration between India and Mexico. “She told me that the Mexicans always look up to India for its rich cultural ethos and traditions, since their own ancient Maya and Aztec civilizations were destroyed by the Spanish invaders and the present generation of Mexicans have no link with their own past,” he says.

It is interesting to note that Betzabel herself learned Sattriya dance and opened a Sattriya dance school back in her hometown Leon. “Due to her enthusiasm and support, we decided to make the film a trilingual one, titled in Assamese as Mexico Nogorat Mor Premika, in English as My Sweetheart in Mexico and in Spanish as Mi Amor en Mexico,” Deka says.

Betzabel Falfan also actively collaborated with Arnab Jan Deka in developing the storyline and screenplay for the film, which is being directed by Deka himself. Music for the film will be scored by the talented duo Ankur-Ankan, both of whom have considerable exposure in multinational collaborative music. While Ankur has been more into classical genre and brought out several albums in different languages, Ankan specialises in lighter fusion music and has won several major international awards for his iconic song Awaaz, which was created as a tribute to the Delhi gang-rape victim. Both were lucky to have received tutelage from none other than the legendary artist Dr Bhupen Hazarika.

“We decided to incorporate an international cast of artistes from different countries, apart from Mexico and Assam, and accordingly proceeded in a clearly chalked out plan,” says Deka.

Accordingly, the film’s first phase of shooting has been wrapped up recently. During this schedule, the unit, lead by Deka, extensively shot in and around Brahmaputra, both over the river and on the north bank. A number of major scenes, involving artistes from Italy and Britain, have been shot. Almost 40 per cent of the scheduled shooting has been completed and the unit plans to shoot the next schedule in the southern states of the USA and Mexico.

Meanwhile, two film and television production houses based in Mumbai and Haryana approached Arnab Jan Deka for the Hindi film and television rights of four of his novels and five short stories. Popular Bollywood actress Priyanka Chopra’s uncle and Parineeti Chopra’s father, Pawan Chopra, is one of the partners of the production companies. “They invited me to their ancestral home at Ambala Cantonment in Haryana and graciously offered their warm hospitality, during which we finalised our deal for the Hindi adaptation of my novels – Natun Kurukshetra, Prem Asambhav, Xhoixobote Dhemalite and Xuxamoy Duxamoy as well as short stories Chitraxalar Xapon, Khalnayikar Hahi, Himalayan Mystic Meeting, Restless with Tess and Return of the Nightmare,” Deka recalls.

As the first venture signalling his foray into Hindi filmdom, the production house adapted his novel Natun Kurukshetra into a Hindi television serial Naya Kurukshetra, which was approved by New Delhi-based India government body Prasar Bharti for pan-Indian telecast in the Doordarshan National (DD-1) TV channel in October 2021. Arnab Jan Deka co-wrote the screenplay and Hindi dialogues and also officiated as associate director for the serial, which is being directed by leading Punjabi actor-director Parmod Pabbi. A number of artistes from Mumbai, Punjab, Haryana, Kolkata have been cast in important roles in the serial. In total, 26 episodes of the serial were shot and telecast in DD1 channel, and each episode is now available in YouTube