ব্রহ্মপুত্রত চীনা বান্ধ আৰু ব্ৰহ্মপুত্ৰৰ পানী চীনলৈ বােৱাই নিবৰ বাবে গােপনে পৰিকল্পনা

–ড° অৰ্ণৱ জান ডেকা

জনসাধাৰণ, 9 December 2010

২০১০ৰ জুলাই মাহত আমেৰিকাৰ বিশ্ববিখ্যাত সংবাদ-পত্ৰ ইণ্টাৰনেশ্যনেল হেৰল্ড ট্রিবিউন আৰু নিউয়র্ক টাইম্ছ তথা জাপানৰ শীর্ষস্থানীয় দৈনিক কাকত ‘আছাহি শিমবুন’ৰ সাংবাদিক ব্ৰহ্মপুত্ৰত চীনা বান্ধ সম্পৰ্কত মোৰ গৱেষণাৰ সাফল্য সম্পৰ্কে সাক্ষাৎকাৰ ল’বলৈ গুৱাহাটীলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ পানী চীনদেশলৈ বোৱাই নিবৰ বাবে দীৰ্ঘদিন ধৰি চীনে গোপনে পৰিকল্পনা চলাই অহাৰ পিছত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বান্ধ নিৰ্মাণ কৰিবলৈ লোৱাৰ আমি তীব্ৰ বিৰোধিতা কৰি বিশ্বজুৰি প্ৰচাৰ চলাই যাবৰ বাবে অসম ফাউণ্ডেশ্যন-ইণ্ডিয়া আৰু অধ্যক্ষ ভৱানন্দ ডেকা ফাউণ্ডেশ্যন নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা ব্ৰিটেইনৰ সহযোগত ‘ছেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ’ নামৰ ইণ্ডো-ব্ৰিটিছ আন্তঃৰাষ্ট্রীয় অভিযান এটা ২০০৯ চনৰ জুলাই মাহত আৰম্ভ কৰি অৰ্জন কৰা সফলতাৰ পিছতেই এই বিশ্ববিখ্যাত কাকতবোৰৰ তৰফৰ পৰা আমাৰ অভিযানক আন্তর্জাতিক মান্যতা দিবলৈ সাক্ষাৎ গ্রহণ কৰিছিল। সেই প্রসংগতে বিশ্ববিখ্যাত জাপানী সাংবাদিক য়ুকিফুমি টাকেউচিয়ে টকিঅ’ৰ পৰা গুৱাহাটীলৈ আহি মোক লগ ধৰি সাক্ষাৎকাৰ লওতে কৈছিল যে চীন দেশে ব্ৰহ্মপুত্ৰৰ পানীভাগ ভাৰত আৰু বাংলাদেশক বঞ্চিত কৰি নিজৰ দেশলৈ বোৱাই নিবৰ বাবে যিবোৰ বান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত সাজিব লাগিছে, তাৰ পৰিণতি সমগ্ৰ বিশ্বৰ বাবেই অতি ভয়ংকৰ হৈ পৰিব। মই ব্ৰিটিছ সহযোগীৰ সৈতে কৰা গৱেষণাত ধৰা পৰিছিল যে চীনে ব্ৰহ্মপুত্ৰৰ পানীভাগ নিজৰ দেশৰ মধ্যভাগলৈ বোৱাই নি দেশখনৰ ক্রমবর্ধিত পানীৰ নাটনি দূৰ কৰাৰ বাবে ইতিমধ্যে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। গতিকে, চীনৰ সেই গোপন আঁচনিৰ বিৰোধিতা কৰা আমাৰ প্ৰধান অভিযান হৈ পৰিছিল। সেইবাবেই আমাৰ সফল প্ৰচাৰে আন্তৰ্জাতিক মহলক ২০১০ চনতে উদ্বিগ্ন কৰি তুলিছিল।

আমাৰ অভিযানত আহৰণ কৰা তথ্যৰ আধাৰত ভাৰতক ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ পৰা বঞ্চিত কৰি চীন দেশে নিজৰ দেশলৈ ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিবলৈ বর্তমান নির্মাণ কৰিবলৈ লোৱা বান্ধবোৰৰ নাম, এলেকা আৰু উৎপাদন হ’ব লগীয়া জলবিদ্যুতৰ পৰিমাণ তলৰ তালিকাত উল্লেখ কৰা হ’ল :

মোটুও         কংপো, তিব্বত     ৩৮,০০০ মেগাৱাট।

দাদুকিয়া      কংপো, তিব্বত     ৪৩,৮০০ মেগাৱাট।

লাংঝেন      কংপো, তিব্বত     ১২০০ মেগাৱাট।

ঝোংদা        কংপো, তিব্বত     (নির্ণয় হোৱা নাই)।

ঝাংমূ           লোখা, তিব্বত       ৫১০ মেগাৱাট।

জিয়াচা        লোখা, তিব্বত       ৩২০ মেগাৱাট।

লেংদা         লোখা, তিব্বত       (নির্ণয় হোৱা নাই)।

জিয়েশু       লোখা, তিব্বত       (নির্ণয় হোৱা নাই)।

য়াংহ           শেনোন, তিব্বত    ৯০ মেগাৱাট।

ইয়াৰ উপৰি, সোৱণশিৰি নদীৰ ওপৰত চীনে নির্মাণ কৰিবলৈ লোৱা বান্ধটোৰ বিৱৰণ হ’ল এনে ধৰণৰ :

অসিআংবিলা        লোখা, তিব্বত       ৪৮০ মেগাৱাট।

ব্ৰহ্মপুত্ৰৰ স্বাৰ্থ ৰক্ষাৰ্থে আমাৰ বিভিন্ন আন্তর্জাতিক কার্যসূচী ইতিমধ্যে অভূতপূৰ্ব ৰূপত সফল হোৱাৰ বিপৰীতে অসমৰ বৌদ্ধিক সমাজ আৰু আগশাৰীৰ সংগঠনবোৰে চীনৰ আগ্রাসী আচৰণ সম্বন্ধে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে। ব্ৰহ্মপুত্ৰৰ পানীভাগ নিয়ন্ত্রণ কৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ বাবে এতিয়া ভাৰত আৰু চীন দেশে সমানেই সক্রিয়তা প্ৰদৰ্শন কৰিবলৈ লৈছে যদিও চীনৰ ক্ষেত্ৰত সম্পূৰ্ণ মৌনব্ৰত লৈ কেৱল ভাৰতীয় সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা সোৱণশিৰি বান্ধৰ বিৰোধিতাতহে অসমৰ কিছু ব্যক্তি আৰু সংগঠন সৰৱ হৈ পৰা দেখা গৈছে।

সম্প্রতি ভাৰত চৰকাৰে আগভাগ লৈ ব্ৰহ্মপুত্ৰৰ মূল উপনৈ সোৱণশিৰি আৰু দিহাং নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি আছে। জলবিদ্যুৎ প্রকল্প হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা এই বান্ধৰ কাম অর্ধেকৰো অধিক হৈ যোৱালৈকে সকলো অসমীয়াই নীৰৱ সমৰ্থন দি আছিল। কিন্তু, হঠাতে অসমৰ বহুকেইটা সংগঠনে বান্ধ নিৰ্মাণৰ বিৰুদ্ধে কিছুদিন সৰৱ হৈছিল। তেওঁলোকে মূলতঃ সোৱণশিৰি বান্ধ নিৰ্মাণৰ বিৰুদ্ধে দাবী জোৰদাৰ কৰি তুলিছিল। কিন্তু, অতি আশ্চর্যজনকভাৱে সংগঠনবোৰে কেৱল ভাৰতীয় এলেকাত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা সোৱণশিৰি বান্ধৰহে বিৰোধিতা কৰিছে, চীনে একেখন নদীৰ ওপৰতে উজনিত তিব্বতীয় এলেকাত নিৰ্মাণ কৰি থকা আপাৰ সোৱণশিৰি বান্ধৰ বিৰোধিতা কৰা নাই ।

ইয়াৰ পৰিপ্ৰেক্ষিতত সোৱণশিৰি আৰু দিহাং নৈত ভাৰতীয় বান্ধ নিৰ্মাণৰ আঁৰতনো কোন ব্যক্তি আৰু সংগঠনৰ দাবী আৰু সমৰ্থন আছিল, সেয়া বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। ব্ৰহ্মপুত্র বোর্ডে ১৯৮৬ চনত প্রস্তুত কৰা মাষ্টাৰ প্লেন অব্ ব্ৰহ্মপুত্ৰ বেছিনত অনুমোদন জনোৱা আঁচনিবোৰৰ ভিতৰত অন্যতম আছিল সোৱণশিৰি আৰু দিহাং নৈত বান্ধ নিৰ্মাণ।

Clause: hydropower : Sub-clause : 10.1 : The Brahmaputra basin has large power potential which is about half of the total hydroelectric potential of India. But of the potential of 41,000 MW installed capacity in the basin, the development so far has been meagre, the capacity actually installed being only 125 MW with another 310 MW under implementation. Two large multipurpose projects, the Dihang dam project and the Subansiri dam project have been fully investigated and their reports submitted to Government. Their installed power capacity is 20,000 MW and 4,800 MW respectively.’

Sub-clause : 10.2: “The large block of power which would be generated at the Dihang and Subansiri dams can be used in power intensive industries and for other purposes in North-Eastern Region and the surplus power exported to Eastern and other regions,” Sub-clause:10.3 : “As the sources of cheap hydro-electric power have to be exploited early and fully for the benefit of North Eastern Region in particular and the country at large, steps should be taken to investigate the power intensive industries which can be set up in this.region, as well as other uses ol’ power which contribute to economic development. Also, detailed studies should be made for transmitting large blocks of power beyond the Brahmaputra valley.”

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ১৯৮৬ চনত প্ৰস্তুত কৰা সেই মাষ্টাৰ প্লেনৰ সমৰ্থন কৰি সদৌ অসম ছাত্ৰ সন্থাই ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৮৬ চনৰ ১৪ আগষ্টত দাখিল কৰা স্মাৰক-পত্ৰত সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনাইছিল।

‘Para-10 Proper utilization of water resources : Ii is indeed tragic that even after about 40 years of Independence, our waterways have not been put to use for navigation, transport and generation of cheap hydel power although the potential for such power generation is immense and in the order of 43,000 MW… MASU demands that multipurpose hydel schemes for flood control, irrigation and power generation be taken op on a priority basis to utilize the water of the Brahmaputra basin for the national benefit. As a first step, the Subansiri Project may be implemented without any further delay, and sufficient funds may be made available for immediate commencement of the project work. AASU express its strong resentment at the non-inclusion of the Subansiri Project in the 7th Five Year Plan by the Central Government.’

অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো ব্ৰহ্মপুত্র বোৰ্ডৰ মাষ্টাৰ প্লেনৰ আধাৰত দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনাই উত্তৰ প্ৰদেশ পর্যন্ত বিদ্যুৎ পৰিবহণৰ সম্ভাৱনীয়তা সম্বন্ধে উল্লেখ কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৮৮ চনৰ ১৪ ছেপ্টেম্বৰত স্মাৰক পত্ৰ দাখিল কৰিছিল।

Clause : 16: Sub-clause-(vii): Meanwhile, the scheme prepared by the Brahmaputra Board should be implemented. Particularly the Dihang and the Subansiri Projects, which will reduce the immensity of the flood and at the same time generate enough cheap hydro-electric power to feed the regional grids in the entire Northern belt upto Uttar Pradesh should be taken up immediately.

আনহাতে, অসম চুক্তি ৰূপায়ণ সম্বন্ধে পৰামর্শ দিবলৈ পৰিকল্পনা আয়োগে গঠন কৰা এল চি জৈন সমিতিয়ে অসমৰ অৰ্থনৈতিক উন্নয়ৰ বাবে এপ্রিল, ১৯৯০ত দাখিল কৰা প্রতিবেদনতো দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ন্যায্যতা সাব্যস্ত কৰি স্পষ্টভাৱে উল্লেখ কৰিছিল।

Flood Control; Clause 2.43: “In the Brahmaputra valley, two major dams have been fully investigated- a dam on the Dihang high with a live storage of 3 million ha.m at a cost of Rs. 12,171 crores and a dam on the major tributary Subansiri, which will be 257 m. high with a live storage million ha.m. and installed capacity of 4800 MW at cost of Rs. 4200 crore. Both of these dams together to lower the peak flood levels of the Brahmaputra by 1.5 metres.” Clause 2.44: “Since the scope of irrigation in the Brahmaputra valley through surface water is rather limited, the proposed dams have to be justified mainly from the benefits of hydropower generation. Dihang and Subansiri dams ore justified from this angle.”

এই তথ্যবোৰৰ পৰা সন্দেহাতীতভাৱে প্ৰমাণ হৈ যায় যে দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম সদৌ অসম ছাত্ৰ সন্থাৰ দাবী অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্মাৰক-পত্ৰৰ পৰিপ্ৰেক্ষিতত, এল চি জৈন সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ আধাৰত আৰু ব্ৰহ্মপুত্ৰ বোর্ডে ১৯৮৬ চনত প্ৰস্তুত কৰা মাষ্টাৰ প্লেন অব্ ব্ৰহ্মপুত্ৰ বেচিনত জনোৱা অনুমোদন অনুসৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। সেই তথ্য ৰাজহুৱা নথিভুক্ত হৈ থকা সত্ত্বেও যে চীনা বান্ধলৈ মৌন সমর্থন দি ভাৰতীয় বান্ধৰ বিৰোধিতা কৰা হৈছে, তাৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ প্ৰয়োজন হৈছে।

মনত ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অসম বা ভাৰতৰ এদনীয়া অধিকাৰ নাই। পৃথিবীৰ অন্যতম বৃহৎ এই নদখনি চীনৰ অধীনস্থ তিব্বতৰ পৰা বৈ আহি ভাৰতবৰ্ষৰ অৰুণাচল আৰু অসমৰ মাজেৰে পাৰ হৈ বাংলাদেশ হৈ বংগ উপসাগৰত পৰিছে। গতিকে, দেখদেখকৈ তিনিখন দেশৰ এই বৃহৎ নদৰ ওপৰত অধিকাৰ, আছে। গতিকে, ব্ৰহ্মপুত্ৰ নদৰ পানী ব্যৱহাৰ কৰাৰ বাবে কৰা যিকোনো পৰিকল্পনাই তিনিওখন দেশৰ সমাজ জীৱনক প্রভাবিত কৰিব, আৰু সেই কথা মনত ৰাখিহে আগবাঢ়িব লাগিব। দুটা দশকৰ আগতেই এই নদীবান্ধ নিৰ্মাণৰ দাবী জনোৱা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা উক্ত দাবীৰ ন্যায্যতা সম্পর্কে স্পষ্টীকৰণ আদায় নকৰাকৈ, আৰু অসমৰ সকলো ৰাইজক প্ৰতিনিধিত্ব কৰি প্ৰধান মন্ত্ৰীক স্মাৰক-পত্রযোগে নদীবান্ধ নিৰ্মাণৰ দাবী কৰা অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ তেতিয়াৰ আৰু বর্তমানৰ স্থিতি সম্পর্কে অবগত নোহোৱাকৈ নদীবান্ধ সম্পর্কে নতুন কোনো সংগঠনে নতুন স্থিতি গ্ৰহণ কৰিলেও সেয়া ৰাইজৰ সন্দেহৰ আৱৰ্তত সদায় ৰৈ যাৰ। তদুপৰি, সকলো সংগঠনেই চীনে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা সৰ্বমুঠ দহোটা বান্ধৰ কিয় বিৰোধিতা কৰা নাই, সেই সম্পর্কতো নিজৰ স্থিতি স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন আছে।

চীন, ভাৰত আৰু বাংলাদেশৰ সৈতে ভৌগোলিক আৰু অর্থনৈতিকভাবে জড়িত নদৰ প্ৰতি অহা পাৰিপার্শ্বিক প্ৰত্যাহ্বানৰ প্ৰতি ব্ৰিটেইনৰপৰা জাপানলৈকে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈকে প্রকাশ পোৱা উদ্বিগ্নতা সঁচাকৈয়ে তাৎপর্যপূর্ণ। দুয়োখন দেশৰ নাগৰিকৰ সৈতে হোৱা মোৰ পোনপটীয়া যোগাযোগতে তেওঁলোকৰ আগ্ৰহৰ কাৰণ বিশদভাবে জ্ঞাত হৈছোঁ। তেওঁলোকে ভাবে যে ব্ৰহ্মপুত্রৰ দৰে এখন বিশাল নৈৰ পানী পৰিবেশসম্মত ৰূপত ব্যৱহাৰ নকৰি কেৱল অৱজ্ঞা আৰু ব্যৱসায়িক কাৰণতে যদি অপব্যৱহাৰ কৰা হয়, তাৰ ফল বিশ্ববাসীয়েই ভূগিব লাগিব। এনে দুর্ব্যৱহাৰৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ক্রমাৎ দূষিত হ’বলৈ ধৰিছে। নদীবান্ধবোৰে জলসম্পদৰ ভয়ানক হাৰত ক্ষতি কৰিব বুলি তেওঁলোকে বিবেচনা কৰে। ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত যদি ভাৰতৰ পৰা চীলৈ সলনি কৰা হয়, তাৰ পৰিণাম ভয়ংকৰ হ’ব। এনে কার্যই কোটি কোটি মানুহৰ জীৱনলৈ ভীষণ দুর্যোগ নমাই আনিব। পৰিবেশৰ ওপৰত এনে দুষ্কাৰ্যৰ প্রভাৱ ইমানেই ভয়াবহ হ’ব যে হিমালয়ৰ বৰফভাগ সম্পূর্ণ গলি যাব পাৰে, আৰু তাৰ ফলত হোৱা বানপানীয়ে কেবল নৈপৰীয়া মানুহখিনিৰে সর্বনাশ কৰি ক্ষান্ত নহ’ব, সেই অতিৰিক্ত পানীভাগে বিশ্বজুৰি সমুদ্ৰ জলপৃষ্ঠ বঢ়াই দিব আৰু বহুতো সৰু দ্বীপ ডুব যাব। বিশ্বজুৰি বতৰৰ দ্রুত পৰিবৰ্তন ঘটিব, আৰু গোলকীয় উষ্ণতা তীব্র হাৰত বৃদ্ধি পাব। এনে সম্ভাৱ্য পৰিণামৰ চিত্ৰখনে জাপান আৰু ব্ৰিটেইনৰ দৰে দ্বীপৰাষ্ট্ৰৰ বাসিন্দাসকলক ব্ৰহ্মপুত্ৰৰ ওপৰলৈ অহা পাৰিপার্শ্বিক ভাবুকিৰ প্রতি অধিক উদ্বিগ্ন কৰি তুলিছে বুলি মোৰ ধাৰণা হৈছে।

ব্ৰহ্মপুত্ৰৰ জলসম্পদক লৈ অসমবাসীয়ে যদি স্থায়ী, সুস্পষ্ট আৰু দ্বিধামুক্ত নীতি আৰু স্থিতি অনতিবিলম্বে স্পষ্ট কৰি নিদিয়ে, এই কাপুৰুষালিৰ পৰিণতি অসমবাসীয়েই ভুগিব লাগিব ।

জ্যোতিকণ্ঠৰ জয়মতী

প্রথম ভাৰতীয় ডাব কথাছবি উদ্ধাৰৰ ব্যর্থ অভিযান

–অৰ্ণৱ জান ডেকা

প্রান্তিক, ১৬ মার্চ ২০০৮

প্রতি বছৰে দহ মাৰ্চৰ দিনটো অহাৰ গে লগে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ প্রতি আনুগত্য থকা প্ৰতিগৰাকী অসমীয়াই ৰূপকোৱৰ জ্যোতিপ্ৰসাদৰ অনন্য সৃষ্টি ‘জয়মতী’ কথাছবিখন স্মৰণ কৰি পৰম গর্ব অনুভব কৰে। সম্প্রতি সৰবৰহী হােৱা শব্দ ‘চলচ্চিত্র’ৰ সলনি কথাছবি’ শব্দটো উদ্দেশ্যপূর্ণভাৱে ব্যৱহাৰ কৰিয়েই এই ৰচনাখন লিখা হৈছে। কাৰণ ‘জয়মতী” কথাছবিক লৈ অসমীয়া জাতিৰ গৰ্বতকৈও সকলে ভাৰতীয়ই গর্ব কৰিব পৰা এটা অনন্য অভিলেখাে যে ৰূপকোঁৱৰে স্থাপন কৰিছিল, সেই অবিস্মৰণীয় আবিষ্কাৰটো কবি ‘জয়মতীৰ নিৰ্মাণত শব্দৰ অবিস্মৰণীয় ব্যৱহাৰত ৰূপকোৱৰৰ বাটকটীয়া ভূমিকাৰ প্রতি শিৰ নত হৈ যায়। ১৯৩৫ চনৰ দহ মাৰ্চত কলিকতাৰ ৰৌনাক প্রেক্ষাগৃহত প্রমথেশ বৰুৱা, পৃথ্বীৰাজ কাপুৰ, ধীৰেন গাংগুলী প্রভৃতি ভাৰতীয় চলচ্চিত্র জগতৰ প্রবাদ পুৰুষৰ উপস্থিতিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী’ কথাছবিৰ প্রদর্শন কাৰ্যসূচীৰ উন্মোচন কৰাৰ লগে লগে এই সৰ্বভাৰতীয় অভিলেখ স্থাপন হৈছিল। ইমান বছৰে এই সর্বভাৰতীয় অভিলেখৰ বাবে প্রাপ্য স্বীকৃতি নােপােৱাকৈয়ে ৰূপকোঁৱৰৰ ‘জয়মতী’ সবর্ভাৰতীয় পর্যায়ত অৱহেলিত হৈ আছিল যদিও ১৯৯৫ চনত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উদযাপনৰ সময়তে জ্যোতিকণ্ঠৰে সজোৱা জয়মতী’ৰ সেই প্ৰথমটো ঐতিহাসিক চলচ্চিত্র-প্রিন্ট আবিষ্কাৰৰ লগে লগে বােম্বে চহৰত তাৰে সূত্র ধৰি আমাৰ অসমীয়া চলচ্চিত্ৰৰ জনকগৰাকীৰ সৰ্বভাৰতীয় পথপ্রদর্শক ভূমিকাটো প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছিলাে। সেই গৌৰৱময় অভিযানৰ কাহিনী অসমৰ সাংস্কৃতিক ইতিহাসৰ এক চিৰস্মৰণীয় অধ্যায়।

চলচ্চিত্ৰৰ আগ্রহী দর্শক আৰু বাতৰিকাকতত চলচ্চিত্ৰৰ মনােজ্ঞ চর্চাকাৰী লেখক হিচাপে বিশ্ব চলচ্চিত্ৰৰ ৰথী-মহাৰথীসকলৰ সৈতে যি সৌহার্দপূর্ণ সম্পর্ক গঢ় লৈ উঠিছিল, তাৰে সুবাদতে ১৯৯৫ চনত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে অনুষ্ঠিত ভালেকেইটা চৰকাৰী-বেচৰকাৰী অনুষ্ঠানত অংশগ্ৰহণৰ সুযােগ মিলিছিল।

সেই বছৰতে অসমীয়া চলচ্চিত্রয়াে গৌৰৱৱাজ্জ্বল ছটা দশক সম্পূর্ণ কৰিছিল। এই উপলক্ষে অসম চৰকাৰৰ চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সৌজন্যত নিগমৰ অধ্যক্ষক সভাপতি, বাইছকুণী বৰাক কাৰ্যবাহী সভাপতি আৰু এই লেখক সচিব প্রধানৰূপে নির্বাচন কৰি বিশ্ব চলচ্চিত্র শতবার্ষিকী উদযাপন সমিতিৰ অসম শাখা গঠন কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰৰ মহীৰহসকলে কটন কলেজত এখন ৰাজহুরা সভা পাতি এখন বেচৰকাৰী সমিতিও গঠন কৰি দিছিল। প্রয়াত গিৰীশ চৌধুৰী, | সত্যপ্ৰসাদ বৰুৱা, অনিল চৌধুৰী, দিলীপ কুমাৰ হাজৰিকা, ৰত্ন ওজা, বিজয় শংকৰ, | বিজু ফুকন, নিপন গোস্বামী, প্রাঞ্জল শইকীয়া, মাখন দেৱান, ব্ৰজেন বৰা প্রভৃতিয়ে আগ্ৰহেৰে অংশগ্ৰহণ কৰা এই সভাত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী আৰু অসমীয়া চলচ্চিত্ৰৰ হীৰক জয়ন্তী উদযাপন বাবে অর্থবহ কার্যসূচী গ্রহণ কৰিবলৈ বিজু ফুকন, দিলীপ কুমাৰ হাজৰিকা, প্রাঞ্জল শইকীয়া, ৰত্ন ওজা, অর্ণৱ জান ডেকা, মাখন দেৱান আৰু গৌতম চৌধুৰীক লৈ এখন আহ্বায়ক সমিতিও গঠন কৰি দিয়া হৈছিল।

সেই সংক্রান্তত ১৯৯৫ চনৰ জানুৱাৰি মাহত মুম্বাইলৈ যাওঁতে অতি অপ্রত্যাশিতভাৱে জ্যোতিৰ সুধাকণ্ঠৰে ধন্য হৈ থকা ‘জয়মতী চলচ্চিত্র প্রথম সংস্কৰণৰ প্ৰিণ্ট (অৰিজিনেল প্রিন্ট’) এটা আবিষ্কাৰ কৰাৰ সৌভাগ্য হৈছিল, আৰু তাৰে আলমতে জ্যোতিপ্ৰসাদৰ সৰ্বভাৰতীয়, চলচ্চিত্রলৈ থকা অভিলেখকাৰী অৱদানকো যথার্থভাৱে প্রতিষ্ঠা ৰাটো সম্ভৱ হৈছিল। চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে সুভাষ ঘাইৰ নেতৃত্বত হিন্দী চলচ্চিত্র জগতে আয়ােজন কৰা এটা সংগীতমুখৰ সন্ধিয়াৰ অনুষ্ঠানলৈ ভাৰতৰ সকলাে আঞ্চলিক ভাষার চলচ্চিত্ৰৰ প্রতিনিধিকে নিমন্ত্রণ কৰি একো আষাৰ নিজৰ আঞ্চলিক চলচ্চিত্ৰৰ বিষয়ে ক’বলৈ সুযােগ দিয়া হৈছিল। দর্শকৰ শাৰীত আমি ৰােমানিয়া বিশ্ববিখ্যাত অভিনেত্রী ডায়েন ৱাকাৰু আৰু বিখ্যাত চলচ্চিত্র সমীক্ষক পাৰভেজ দেৱানৰ সৈতে একেলগে বহিছিলাে, আৰু তেওঁলােকক ইতিমধ্যে জ্যোতিপ্ৰসাদৰ অবিস্মৰণীয় সৃষ্টি জয়মতী’ আৰু পাছৰ ছটা দশকৰ অসমীয়া চলচ্চিত্ৰত্ৰাৰ চমু ইতিহাস ঘৰুৱা আলাপতে জনাই থৈছিলাে। গতিকে অসমীয়া চলচ্চিত্ৰৰ দুগৰাকী প্রতিনিধিরে মঞ্চলৈ গৈ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ নাম পর্যন্ত উচ্চাৰণ নকৰাত তেওঁলােকে অবাক হৈছিল। পৰবৰ্তী দিনকেইটাত জ্যোতিপ্ৰসাদৰ অসামান্য অবদান আৰু ‘জয়মতী’ৰ বাটকটীয়া ভূমিকা সম্পর্কে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰচাৰ কাৰত তেওঁলােক দুগৰাকীয়ে পার্মানে সহযােগৰ প্রতিশ্রুতি দিছিল।

প্রায় সমসাময়িকভাৱে দিলীপ বসু নামৰ এগৰাকী অভিনেতাৰ সৈতে মােৰ পৰিচয় হয়। অসমীয়া চলচ্চিত্ৰৰ জন্মকাহিনী দিলীপ বসুৱে ভালদৰে জানিছিল। এই বর্ষীয়ান অভিনেতাগৰাকীৰ প্ৰাক-স্বাধীনতা কালৰ ভাৰতীয় চলচ্চিত্র উদ্যোগৰ সৈতেও কিছু সম্পর্ক আছিল। জ্যোতিপ্ৰসাদৰ অনন্য সৃষ্টি “জয়মতী’ অসমৰ ৰাইজে ভালদৰে সংৰক্ষণ কৰিব নােৱৰা বাবে তেখেতে ক্ষোভ প্রকাশ কৰিছিল আৰু মােক এটা গুৰুত্বপূর্ণ খবৰ দিছিল। জ্যোতিপ্ৰসাদে ‘জয়মতী’ নির্মাণ কৰিবলৈ গৈ শব্দগ্রহণৰ বিসংগতিৰ বাবে সুদূৰ লাহােৰৰ ষ্টুডিঅ’ত বহি অকলে প্রায় বিয়াল্লিছটা চৰিত্ৰৰ কণ্ঠ নিজেই দি পুনৰ শব্দগ্ৰহণ কৰি সম্পূৰ্ণ কৰা ছবিখনৰ প্রথম সংস্কৰণৰ এটা প্রিন্ট হেনাে এতিয়াও অক্ষত হৈ আছে আৰু দিলীপ বসুরেও পৰীক্ষা কৰাৰ সুযােগ পাইছে। বসুৰ কথাৰ সত্যতা পৰীক্ষা কৰি মই নিঃসন্দেহ হলাে।

সেই সময়তে মােৰ মনত এই প্ৰসংগৰ উদয় হ’ল : ১৯৩৫ চনত জ্যোতিপ্রসাদে বাধ্যত পৰি ‘জয়মতী’ৰ বাবে শব্দ | পুনৰগ্ৰহণ বা ‘ডাবিং’ পদ্ধতি উদ্ভাবন কৰিবলগীয়া হৈছিল। কিন্তু তেতিয়ালৈকে, ভাৰতত চলচ্চিত্র নির্মাণত প্রত্যক্ষ শব্দগ্রহণ পদ্ধতিতে প্রয়ােগ হৈছিল। শুটিংস্থলীতে দৃশ্যগ্ৰহণৰ সময়ত বাণীবদ্ধ কৰা শব্দৰ বিকল্প ডাবিং পদ্ধতিৰ তেতিয়ালৈকে ভাৰতত উদ্ভাৱন বা ব্যৱহাৰ হােৱা নাছিল। তেন্তে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পাকচক্ৰত পৰি ‘জয়মতী’ৰ বাবেই ডাবিং পদ্ধতি উদ্ভাবক বা প্রয়ােগকাৰী প্ৰথম ভাৰতীয় কথাছবি নির্মাতাৰ অভিলেখ স্থাপন কৰিলে নেকি? এই প্রশ্নটোৰ সমিধান থাউকতে পােৱা নাছিলাে। সম্প্রতি প্রায় সকলাে ভাৰতীয় চলচ্চিত্রতে ডাবিং পদ্ধতিৰ বহুল প্রয়ােগ জনপ্রিয় যদিও প্রথম ভাৰতীয় ডাবিং কৰা চলচ্চিত্রনাে কোনখন, সেই সম্পর্কত তথ্যবিজ্ঞসকলাে নিমাত।

তাৰে সুযােগ লৈ মুম্বাইত অনুষ্ঠিত চলচ্চিত্র শতবার্ষিকী অনুষ্ঠানত মাদ্ৰাজৰ এভিএম ষ্টুডিঅ’ৰ গৰাকী চলচ্চিত্র প্রযোজক এম সৰভাননে ৰাজহুরা মঞ্চৰপৰা সদম্ভে ঘােষণা কৰিলে যে ১৯৩৭ চনত তামিল চলচ্চিত্রই ডাবিং পদ্ধতি আবিষ্কাৰ কৰিছিল। যিহেতু জ্যোতিকণ্ঠৰ ‘জয়মতী’ৰ প্রামাণ্য তথ্য মােৰ হাতত ইতিমধ্যে আহি পৰিছিল, সৰভাননৰ সেই উক্তিৰ মই তীব্র প্রতিবাদ কৰিছিলাে। কাৰণ ১৯৩৫ চনতে নির্মিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ কথাছবিত ডাবিং পদ্ধতি প্ৰথমবাৰলৈ প্রয়োেগ হৈছিল। গতিকে সৰভাননৰ দাবী অনুসৰি ১৯৩৭ চনত নির্মিত তামিল কথাছবিয়ে ভাৰতীয় চলচ্চিত্রত ডাবিং পদ্ধতি প্ৰথমবাৰলৈ প্ৰয়ােগ কৰা কৃতিত্বৰ অংশীদাৰ হ’ব নােৱাৰে। | মই দেখি আশ্চর্য মানিছিলাে যে সেই অনুষ্ঠানত অসমীয়া চলচ্চিত্র প্রতিনিধি বুলি সদম্ভ উপস্থিতি সাব্যস্ত কৰি থকা ব্যক্তি দুগৰাকীয়ে সৰভাননৰ অবৈজ্ঞানিক আৰু তথ্যহীন দাবীৰ প্রতিবাদ কৰি এষাৰাে মাত নামাতিলে। মই কেৱল লেখক আৰু তথ্যচিত্র নির্মাতাৰ পৰিচয়েৰেহে অনুষ্ঠানত উপস্থিত আছিলাে বাবে অসমৰ প্রতিনিধি দুগৰাকীৰ গদগদ মৌনতাৰ সন্মুখত মােৰ তীব্র প্রতিবাদ ভােটা হৈ পৰিছিল, আৰু সেই পৰিস্থিতিটোত মােক সেই শিল্পী দুগৰাকীয়ে কোনাে সহায়-সমর্থন আগ নবঢ়ালে।

মই অৱশ্যে নিৰাশ নহ’লাে। ডায়েনা রাকাৰুৰ দৰে ইউৰােপীয় খ্যাতনামা | অভিনেত্রী আৰু পাৰভেজ দেৱানৰ দৰে বিশিষ্ট চলচ্চিত্ৰৰসিকৰ নৈতিক সমর্থনে মােক সাহস দিছিল। মুম্বাইত থকা দিনকেইটাত বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উদযাপনৰ সকলাে কাৰ্যসূচীতে মই জ্যোতিপ্ৰসাদ আৰু জয়মতী’ৰ প্ৰসংগ উলিয়াইছিলাে। এই শতবার্ষিকীৰ মাহেন্দ্রক্ষণতে ভাৰতীয় চলচ্চিত্র জগতলৈ ডাবিং প্রযুক্তিৰ আগমন ঘটোৱা কথাছবি ‘জয়মতী’ আৰু নির্মাতা জ্যোতিপ্রসাদ আগৰৱালাই প্রাপ্য স্বীকৃতি পাবই লাগিব বুলি এক নিঃসংগ অভিষানত নামি পৰছিলাে। | অতি আনন্দ আৰু কৃতজ্ঞতাবে উল্লেখ কৰিব খুজিছোঁ যে মােক সেই নিঃসংগতাৰ পৰা উদ্ধাৰ কৰি মােৰ কাষত থিয় হৈ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ৰ গৰিমা প্রচাৰ কৰিবলৈ সন্মত হােৱা প্ৰথম চলচ্চিত্ৰব্যক্তিত্ব কেইগৰাকী আছিল ‘গার্ডিয়ান’ কাকতৰ বিশ্ববিখ্যাত চলচ্চিত্র সমীক্ষক ডেৰকে মেলকম, হলিউড ৰিপৰ্টাৰৰ স্বনামধন্যা সাংবাদিক জেনেট ফাইন আৰু ভাৰতৰ আগশাৰীৰ চলচ্চিত্র সমীক্ষক অমিতা মালিক। সৰভাননৰ উক্তি ইতিমধ্যে বহুলভাৱে প্ৰচাৰিত হােৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাৰান্তৰে মােৰ সুবিধাই হৈছিল। কাৰণ ‘জয়মতী’ৰ পৰবৰ্তী ডাবিং পদ্ধতি প্রয়ােগ হােৱা ভাৰতীয় কথাছবিখন সম্পর্কে মােৰ হাতত তেতিয়ালৈকে অন্য তথ্য নাছিল। কিন্তু সৰভাননে উল্লেখ কৰা তামিল কথাছবিখন ১৯৩৭ চনতহে নির্মাণ হােৱাৰ পৰিপ্ৰেক্ষিতত ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিপ্রাপ্ত অসমীয়া ছবিখন যে প্রায় দুবছৰ আগতে নির্মিত, সেই অভিলেখ প্রমাণ কৰিবলৈ মােৰ উজু হৈছিল।

ডেকে মেলকম, জেনেট ফাইন আৰু অমিত মালিকে ভাৰতবৰ্ষৰ এক অনগ্ৰসৰ এলেকাত অস্থায়ী ষ্টুডিঅ সাজি জ্যোতিপ্ৰসাদে ‘জয়মতী’ নির্মাণ কৰাৰ অবিশ্বাস্য কাহিনী, আৰু সুদূৰ লাহােৰত গৈ শব্দগ্ৰহণৰ বিজুতি আবিষ্কাৰ কৰিও হতাশ নহৈ স্বকণ্ঠেৰে গােটেইবােৰ চৰিত্ৰৰে সংলাপ ডাব কৰি ভাৰতীয় চলচ্চিত্ৰত ডাবিং পদ্ধতিৰ বাটকটীয়া অভিলেখ স্থাপন কৰাৰ সেই তথ্য বিশ্ববাসীক জনাব বুলি মােক প্রতিশ্রুতি দিছিল। জেনেট ফাইনে পাছত ফ্রান্সৰ বিখ্যাত কাকত ‘লা মণ্ডে’ৰ চলচ্চিত্র সমীক্ষকৰ সৈতেও মােক পৰিচয় কৰাই এই দিশত ইউৰােপৰ সংস্কৃতিৰ ৰাজধানী ক্ষেত্ৰত প্ৰচাৰৰ সুযােগ কৰি দিছিল।

পাছলৈ মই চিনাকি হােৱা পেৰিছৰ বিখ্যাত চলচ্চিত্র পৰিচালক বাট্টাও টেভর্নিয়, প্রযােজক পিয়েৰ বিছিয়ে আৰু এলাইন ডেপাৰ, নিউয়র্কৰ লেখক-চলচ্চিত্ৰকাৰ টেৰন্সে গ্ৰেছ আৰু অষ্ট্রেলিয়ান চলচ্চিত্রৰ কিংবদন্তি পুৰুষ পল কক্সকো এই তথ্যপাতিবােৰ দিছিলাে, আৰু জ্যোতিপ্ৰসাদৰ সাহসিক কৰ্মৰ বৰ্ণনাই বিস্ময় আৰু শ্ৰদ্ধাত তেওঁলােকক অভিভূত কৰা দেখি অসমীয়া হিচাপে পৰম গর্ব অনুভৱ কৰিছিলাে।

হলিউডত সুপ্রতিষ্ঠিত প্রবাসী ভাৰতীয় চলচ্চিত্র নির্মাতা আৰু অভিনেতা ত্রিলােক মালিক আৰু ৰাজ গ্রোভাৰ ১৯৯৫ চনৰ ৮ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিছিল। বিশ্ব চলচ্চিত্ৰৰ শতবার্ষিকী উপলক্ষে অসমৰ চলচ্চিত্ৰৰ পিতৃপুৰুষৰ্গৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জনাই তেওঁলােকে মই আয়ােজন কৰা অনুষ্টুপীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু হলিউডত জ্যোতিপ্ৰসাদ আৰু ‘জয়মতী’ৰ গৰিমা প্রচাৰ কৰিব বুলি প্রতিশ্রুতি দিছিল। তেওঁলােকে মােৰ উপস্থিতিতে অসমৰ মুখ্যমন্ত্রী আৰু সাংস্কৃতিক সঞ্চালককে সাক্ষাৎ কৰি জ্যোতিপ্ৰসাদৰ স্মৃতিত নিৰ্মাণ কৰা জ্যোতি চিত্ৰবন স্টুডিঅ’টিত চলচ্চিত্র আর্কাইভ নির্মাণ কৰি জ্যোতিকণ্ঠৰ প্ৰথম অসমীয়া ছবিখনৰ লগতে অন্যান্য মূল্যবান অসমীয়া চলচ্চিত্র সংৰক্ষণৰ বাবে অনুৰােধ জনাইছিল। লগতে জ্যোতিৰ স্মৃতিত নির্মিত এই ষ্টুডিঅ’টিক বিশ্বমানৰ কৰিবলৈ হলিউডৰ ষ্টুডিঅ’ৰ সহযােগিতা আগবঢ়াবলৈকো প্রতিশ্রুতি দি গৈছিল। | ত্রিলােক মালিক, জেনেট ফাইন প্রভৃতিৰপৰা মই পাছলৈকো চিঠি-পত্র পাই আছিলাে। হলিউডলৈ উভতি গৈ মালিকে অসমীয়া চলচ্চিত্ৰৰ জনকগৰাকীৰ বিৰল কীর্তি বখনি আৰু এম সৰভননৰ দাবী খণ্ডন কৰি দিয়া সাক্ষাৎকাৰৰ কাকতত পঢ়াৰ সৌভাগ্য মোৰ হৈছিল। কিন্তু বহির্বিশ্বত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু তেওঁৰ অমৰ কীর্তি ‘জয়মতীয়ে স্থাপন কৰা প্রযুক্তিগত অভিলেখ সন্দৰ্ভত ব্যাপক প্রচাৰ আৰম্ভ হৈ যােৱাৰ পাছতে অসমত এতিয়ালৈকে এই অনন্য অভিলেখ সম্পর্কে কোনাে বিস্তাবিত চর্চা নােহােৱাটো পৰিতাপৰ কথা।

সেরােহে অসমৰ ৰাইজক জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ প্রথম প্রিন্ট উদ্ধাৰ আৰু সেই চলচ্চিত্রই স্থাপন কৰা অভিলেখ সম্পর্কে জনাবলৈ ১৯৯৫-৯৬ চনৰ সময়ছােৱাত অসমৰ বাতৰিকাকতবােৰত অতি ব্যাপক হাৰত লিখা-মেলা কৰিছিলাে।

মােৰ লেখাৰ সমর্থনত ‘দি আছাম ট্রিবিউন’ত প্রসিদ্ধ নাট্যকাৰ-অভিনেতা প্রয়াত সত্যপ্রসাদ বৰুৱা আৰু দৈনিক অসমত চলচ্চিত্ৰকাৰ-চিত্রশিল্পী গৌৰী বৰ্মনে অতি উচ্ছ্বসিতভাৱে লিখি বিষয়টোক সামাজিক মান্যতা দিছিল। | তাৰে দ্বাৰাই উদ্বুদ্ধ হৈ জ্যোতিপ্ৰসাদৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই দৈনিক অসমত ২১ জুলাই ১৯৯৬ তাৰিখে ‘জয়মতীৰ প্রিন্ট : মই যি জানাে’ শিৰােনামাৰে অতি প্ৰেৰণাদায়ক আৰু তথ্যসমৃদ্ধ লেখা এটা প্ৰকাশ কৰিছিল। ভৱিষ্যতৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিবলৈ সেই লেখাটোৰ কিছু উদ্ধৃতি দিয়া হ’ল —

“দেওবৰীয়া দৈনিক অসমত (২৬ মে ১৯৯৬ সংখ্যা) শ্ৰীঅৰ্ণৱ জান ডেকাৰ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ৰ সম্পূর্ণ প্রিন্ট সঙ্গে পােৱা সম্পর্কে লিখা বাতৰিটো পঢ়ি আনন্দিত হলাে। ই অসমৰ সকলােৰে কাৰণে এটা অতি আনন্দৰ কথা। তাৰ পিছতে ‘আছাম ট্রিবিউন কাকতৰ ‘চাইৰামা’ শিতানত শ্রীসত্য প্ৰসাদ বৰুৱাৰ লেখাখিনিও অতি মহত্তপূর্ণ।

এই উদ্ধাৰ হােৱা প্রিন্টটো যদিহে ভাল অৱস্থাত আছে, ই অসমৰ ফিল্মজগতৰ এটা নাটকীয় ঘটনা হ’ব, কাৰণ এই প্রিণ্টটোত জ্যোতিপ্ৰসাদৰ নিজৰ মাতেৰে ‘ডাক’ কৰা আছিল আৰু আবহ সংগীততাে তেওঁৰ নিজৰ কণ্ঠস্বৰ আছিল। ১৯৩৪ চনত জ্যোতিপ্রসাদে যেতিয়া ‘জয়মতী’ৰ নিগেটিভটো লাহােৰলৈ প্রিন্ট কৰিবলৈ লৈ যায়, তেতিয়া দেখিলে যে ছাউণ্ড নিগেটিভখনৰ কিছু অংশৰ বাহিৰে প্রায় সকলােখিনিয়েই অস্পষ্ট আৰু বুজিব নােৱাৰি। মাত্র ফলী শৰ্মা আৰু ডা ললিত চৌধুৰীৰ মাতহে কিছু বুজিব পৰা আছিল। জ্যোতিপ্ৰসাদৰ মূৰত সৰগ ভাগি পলিI আকৌ কেনেকৈ অতখিনি শিল্পীক লাহােৰলৈ লৈ যাব? তাতে মহিলা শিল্পী লৈ যােৱাটো একেবাৰেই অসম্ভৱ। … সেই সময়ত ‘ডাবিং কৰাটোও প্রায় অসম্ভৱ কথা। আমাৰ দেশত তেতিয়া ডাবিং মেছিন নাছিলেই, মেগনেটিক ৰেকর্ডিঙো ওলােৱা নাছিল। উপায়ান্তৰ হৈ জ্যোতিপ্ৰসাদে নিজেই মহিলা আৰু মুনিহ দুয়ােৰে কণ্ঠৰ দি গােটেই ছবিখন প্রজেকশন কৰি লগে লগে মাত-কথা ৰেকৰ্ড কৰি এটা অসাধ্য কাম সমাধা কৰিলে। আনকি আবহ সংগীততাে তেওঁ নিজে অর্গেন আৰু আন এজন ল’ৰাক ভায়’লিন বজাবলৈ দি ৰেকৰ্ড কৰিলে। ছবিখনৰ মাত ওলাল ঠিকেই, কিন্তু নিখুঁত নহ’ল। এই প্রিন্টটো আনিবলৈ সেই সময়ত জ্যোতিপ্ৰসাদৰ অর্থাভাৱ আছিল। অৱশেষত তেওঁ নিজৰ ৩৫ মি.মি. কেমেৰা, অর্গেন আদি বন্ধক দি মাত্র এটা প্রিন্ট আনিব পাৰিলে। অৰিজিনেল নিগেটিভ লাহােৰতে

১৯৩৫ চনৰ ১০ মার্চত কলিকতাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা শুভ উদ্বোধন কৰােৱালে। এই প্রথম প্রিণ্টটোৱেই অসমৰ চহৰে-নগৰে সকলাে ঠাইতে নিজৰ প্রজের যােগে থিয়েটাৰ হলবিলাকত ভাতৃ বিবেকানন্দই প্রদর্শন কৰি ফুৰিছিল।

১৯৪২ চনত জ্যোতিপ্রসাদ ভাৰত ত্যাগ আন্দোলনত যােগ দি অন্তৰীণ অৱস্থাত থাকে। এইখিনি সময়তে (তাৰিখটো মােৰ মনত নাই) ভাতৃ কমলা প্রসাদে ‘জয়মতী’ৰ আৰিজিনেল নিগেটিভ লাহােৰৰপৰা আনিব নােৱাৰি ‘জয়মতী’ৰ ডাব প্রিণ্টটোৰপৰাই কলিকতাৰ বেংগল ফিল্ম লেবৰেটৰিত এখন dupe negative কৰােৱায়। সেইটো তেজপুৰলৈ অনা হ’ল। ১৯৪৩ চনত জ্যোতিপ্ৰসাদে ইন্দ্ৰমালতী আৰু জয়মতী’ৰ অবিজিনেল প্রিন্ট এটা মােক চলাবলৈ দিয়ে। ….

এতিয়া দেখা যায়, জয়মতী’ৰ এটা অৰিজিনেল প্রিন্ট বেংগল ফিল্ম লেবৰেটৰিত থাকিল আৰু এটা প্রিন্ট অসমৰে অধ্যাপক’ নামে জনাজাত এজন লােকক জ্যোতিপ্ৰসাদে অন্তৰীণ হােৱা সময়ত চলাবলৈ দি গৈছিল। এই দুটা অৰিজিনেল প্রিন্ট বাহিৰত আছিল—এই দুটা জ্যোতিপ্ৰসাদে নিজে ‘ডাব ক, আনকি আবহ সংগীতাে নিজে কৰা। | এতিয়া শ্ৰীঅৰ্ণৱ জান ডেকাই যি প্রিন্টটো উদ্ধাৰ হ’ল বুলি জনাইছে, সেই প্রিন্টটো এই বাহিৰত থকা দুটাৰ ভিতৰৰে এটা হ’ব নাইবা বেংগল ফিল্ম লেবত থকাটোও হ’ব পাৰে। গতিকে বর্তমান উদ্ধাৰ হােৱা প্রিণ্টটো ক’ৰপৰা আৰু কেতিয়া পােৱা হ’ল, তাৰ সবিশেষ জানি চলাই চালেহে আচল তথাৰ উদঘাটন হ’ব। ….যদিহে ই অৰিজ্বিনেল প্রিন্ট, তেতিয়া তাত জ্যোতিপ্ৰসাদৰ মাত-কথা আৰু লীলা দেৱীৰ কণ্ঠস্বৰ (লুইতৰে পানী’) থাকিব লাগিব। | এতিয়া শ্রীডেকাই যিটো প্রিন্ট পাইছে, সেইটো পৰীক্ষা কৰি চালে সকলাে আঁতিগুৰি জনা যাব। মােৰ মনেৰে তেওঁ এই বিষয়ে অভিজ্ঞ লােকসকলক লৈ এখন কমিটি গঠন কৰি পুনৰুদ্ধাৰ হােৱা প্রিন্টটো প্রদর্শন কৰিলে এই বিষয়ে সবিশেষ ঠাৱৰ কৰিব পৰা হ’ব। যদিহে এই প্রিণ্টটো প্রথম “ডাৰ কৰা প্ৰিণ্টটোৱেই হয়, তেতিয়া বােধহয় ভাৰতত ডাবিং ফিল্ম এইখনেই প্ৰথম হ’ব পাৰে বুলি শ্রী সত্যপ্রসাদ বৰুৱাই বহু দিনৰ আগেয়ে মত পােষণ কৰি মােক কৈছিল।

হৃদয়ানন্দ আগৰৱালা,

তেজপুৰ, ৩/৭/৯৬”

স্বয়ং জ্যোতি-ভাতৃৰ এই লেখাটো প্রকাশ হােৱাৰ পাছত অসমীয়া ৰাইজ আৰু অসম চৰকাৰৰপৰা যি ধৰণৰ উদ্দীপনাময় সঁহাৰি আশা কৰা হৈছিল, সেয়া পােৱা নগ’ল। জ্যোতিকণ্ঠৰে সজ্জিত প্রথম ভাৰতীয় ডাব কথাছবিখনৰ পূৰ্ণাংগ প্রিন্টটো উদ্ধাৰ কৰি অসমতে আর্কাইভ নির্মাণ কৰি সংগ্ৰহৰ কোনাে উদ্যোগ চৰকাৰেও নললে আৰু ৰাইজৰপৰাও তেনে কোনাে জনমত গঢ় লৈ নুঠিল। গতিকে মই ‘জয়মতী’ৰ পূৰ্ণাংগ প্রথম সংস্কৰণৰ প্ৰিণ্টটো উদ্ধাৰকে ধৰি সৰ্বমুঠ ছুটা আনুষ্ঠানিক প্রস্তাৱ সন্নিবিষ্ট কৰি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালকলৈ ১৯ আগষ্ট, ১৯৯৬ তাৰিখে এখন বিস্তাবিত পত্র লিখিলাে। কিন্তু সঞ্চালকে সঁহাৰি জনােৱাতাে বাদেই, মােৰ চিঠিৰ প্রাপ্তি স্বীকাৰ কৰাৰাে সৌজন্য নেদেখুৱালে। | প্রায় এবছৰ ৰৈ চৰকাৰী পৰপৰা কোনাে কার্যব্যৱস্থা গ্ৰহণৰ উমান নাপাই ৪ জুলাই ১৯৯৭ তাৰিখে দহটা প্রস্তাৱেৰে অন্য এখন আনুষ্ঠানিক পত্ৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিবলৈ পঠালো। তাৰ প্রতিলিপি মুখ্যমন্ত্ৰীলৈয়াে পঠোৱা হ’ল।

একে সময়তে অসম চৰকাৰৰ ওপৰত ৰাজহুৱা হেঁচাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে মােৰ চিঠিৰ বিষয়বস্তুৰে বাতৰিকাকতত এলানি স্বয়ংসম্পূর্ণ আৰু বিস্তাৰিত প্রবন্ধ লিখিলাে। প্রবন্ধলানিৰ শিৰােনামা আৰু প্ৰকাশপঞ্জী এনেধৰণৰ —

(১) প্রথম ভাৰতীয় ডাবিং পদ্ধতিত। নির্মিত চলচ্চিত্র ‘জয়মতী’ (দৈনিক অসম/২৬ জুলাই ১৯৯৬)।

(২) অসমীয়া চলচ্চিত্ৰৰ উন্নয়ন ও প্রবাসী ভাৰতীয়ৰ প্ৰস্তাৱ (দৈনিক অসম/১৪ মার্চ ১৯৯৭)।

(৩) জয়মতী’ৰ প্ৰিণ্ট উদ্ধাৰ ? বিধান সভাই প্রস্তাৱ লওক (দৈনিক অসম ২১ মার্চ ১৯৯৭)।

(৪) মােৰ এটা সপােন ঃ অসমত দুশ চলচ্চিত্র মাল্টিপ্লেক্স (দৈনিক অসম/২০ এপ্রিল ১৯৯৭)।

(৫) জ্যোতি চিত্রবনত ফিল্ম ইন্সটিটিউট স্থাপনৰ প্ৰস্তাৱ (দৈনিক অসম/২ মে’ ১৯৯৭)।

(৬) অসমৰ চলচ্চিত্র জগতৰ উন্নয়ন (দৈনিক অসম/১৩ জুন ১৯৯৭)।

–এই লেখাবােৰ একেলেথাৰিয়ে প্রকাশ পাবলৈ ধৰাত অসম চৰকাৰৰ পক্ষে ব্যৱস্থা নােলােৱাকৈ থকাৰ উপায় নাছিল। অসম গণ পৰিষদৰ বর্তমান সভাপতি তথা প্রাক্তন শিক্ষামন্ত্রী বৃন্দাবন গােস্বামীয়ে মােৰ প্ৰবন্ধৰ প্রসংগ টানি আনি অসম বিধান সভাত ‘জয়মতী’ৰ অৰিজিনেল প্রিন্ট উদ্ধাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জনাবলৈ মনােযােগ আকর্ষক প্রস্তাব উত্থাপন কৰিলে। কংগ্ৰেছ দলৰ প্ৰাক্তন স্বাস্থ্যমন্ত্রী আবু ছালেহ নিজামুদ্দিনেও সমধর্মী প্রশ্ন তুলি বৃন্দাবন গােস্বামীক সমর্থন দিলে। গতিকে সাংস্কৃতিক দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াক হেঁচা দি জবাবদিহি কৰিবলৈ বাধ্য

অৱশেষত চৰকাৰে নেৰানেপেৰা যত্নৰ ওচৰত নতি স্বীকাৰ কৰি মই উত্থাপন করা বিষয়কেইটা আলােচনা কৰিবলৈ ৭ আগষ্ট, ১৯৯৭ তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত থকা সাংস্কৃতিক সঞ্চালকৰ কার্যালয় কক্ষত এখন চৰকাৰী সভা আহ্বান কৰিলে। সভালৈ বুলি মেমাে নং-চিএএম ১৫/৯৭ আৰু ৬ আগষ্ট ১৯৯৭ দিনাংকৰ চৰকাৰী নিমন্ত্রণপত্র মােলৈকো আহিল।

সভাখনত অসম চৰকাৰৰ হৈ সাংস্কৃতিক দপ্তৰৰ সচিব আৰু সঞ্চালক, অসমীয়া চলচ্চিত্র জগতৰ হৈ বিশিষ্ট পৰিচালক কুলদা কুমাৰ ভট্টাচার্য আৰু অভিনেতা প্রাঞ্জল শইকীয়াৰ উপস্থিতি মােৰ মনত আছে। সভাখনত মই লিখিত পত্রযােগে উত্থাপন কৰা প্ৰস্তার কেইটাৰ ভিত্তিতে বিস্তাৰিত আলােচনা হৈছিল। মােৰ প্ৰস্তাৱকেইটা আছিল–

(১) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সুৱদি কণ্ঠ বিৰাজ কৰা জয়মতী’ কথাছবিৰ অৰিজিনেল প্রিন্টটো অসম চৰকাৰে উদ্ধাৰ কৰি আনি বিজ্ঞানসন্মত সংৰক্ষণৰ শীঘ্নে ব্যৱস্থা লওক। এই প্ৰিণ্টৰ ডুপ নিগেটিভ, অতিৰিক্ত প্রিন্ট আৰু ভিডিঅ’ কেছেট কৰাৰাে ব্যৱস্থা লওক। (তেতিয়ালৈ ডিভিডি বা ভিছিডিৰ ব্যৱহাৰ জনপ্ৰিয় হােৱা নাছিল)।

(২) জয়মতী’ যে প্রথম ভাৰতীয় ডাব চলচ্চিত্র, সেই অভিলেখ সর্বভাৰতীয় স্তৰত প্রতিষ্ঠাৰ বাবে চৰকাৰে ব্যৱস্থা লুক।

(৩) জয়মতীৰ বাহিৰেও অন্যান্য অসমীয়া কলাসন্মত আৰু ঐতিহাসিক গুৰুত্বপূর্ণ চলচ্চিত্র বিজ্ঞানসন্মত সংৰণৰ বাবে এটা আর্কাইভ স্থাপন কৰক।

(৪) জ্যোতি চিত্ৰন ফিল্ম ষ্টুডিঅ’ক আন্তর্জাতিক মানৰ কৰি গঢ়ি তােলাৰ বাবে প্রবাসী ভাৰতীয় চিত্রনির্মাতাই দি যােৱা প্রস্তাব অনুসৰি অসম চৰকাৰে শীঘ্ৰে সঁহাৰি দিয়ক।

(৫) জ্যোতি চিত্ৰবনৰ বৰ্তমানৰ আন্তঃগাঁথনিকে ব্যৱহাৰ কৰি এটা ফিল্ম ইন্সটিটিউট স্থাপন কৰি চলচ্চিত্র নির্মাণ শিক্ষা অসমত সহজলভ্য কৰক।

(৬) হলিউডৰ ৱার্নাৰ ব্রাদাছৰ সহযােগত অসমৰ মফচল চহৰবােৰত, প্রতি ব্লকতে এটাকৈ দুরুদ্র ছিনেমা হল তথা মাল্টিপ্লেক্স স্থাপন কৰক। ;

(৭) অসমৰ থলুৱা ভাষাত নির্মিত ” চলচ্চিত্র প্রদর্শনৰ ক্ষেত্ৰত আমােদকৰ সম্পূর্ণ বেহাই দিয়ক, আৰু বাহিৰৰ চলচ্চিত্র | প্ৰদৰ্শনৰ ক্ষেত্ৰত দুশ শতাংশ আমােদকৰ প্রবর্তন কৰক।

(৮) ইংৰাজীত ‘হিষ্টৰি অৱ আছামিজ ছিনেমা’ নামেৰে অসমীয়া চলচ্চিত্ৰৰ বিষয়ে সচিত্র গ্রন্থ প্রণয়ন আৰু প্ৰকাশৰ ব্যৱস্থা কৰক।

(৯) অসমৰ থলুৱা চলচ্চিত্রক প্রতিবছৰে চৰকাৰী বঁটা প্ৰদানৰ ব্যৱস্থা

(১০) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা বিজয়ী অসমৰ সকলাে থলুৱা চলচ্চিত্ৰ ৰাজ্যখনৰ সকলাে ছিনেমাহলত বাধ্যতামূলকভাৱে প্রদর্শনৰ ব্যৱস্থা কৰক।

মােৰ প্রতিটো প্রস্তাৱ সভাত যুক্তিৰে সাব্যস্ত কৰিছিলাে আৰু কুলদা কুমাৰ ভট্টাচার্য আৰু প্ৰাঞ্জল শইকীয়ায়ে মোৰ প্ৰস্তাৱৰ সমর্থনত তেখেতসকলৰ অভিজ্ঞ মতামতেৰে সভাখন মনােগ্রাহী কৰি পেলাইছিল। সভাত সিদ্ধান্ত হৈছিল যে মােৰ আটাইকেইটা প্রস্তাব অসম চৰকাৰে কাৰ্যকৰী কৰিব, আৰু কার্যকৰীকৰণ প্রক্রিয়া তদাৰকৰ বাবে এখন নিৰীক্ষক সমিতি অচিৰেই গঠন কৰিব।

সভাৰ সিদ্ধান্ত কার্যকৰী কৰা চৰকাৰী নির্দেশৰ বাৰে বহুদিন অপেক্ষা কৰিলাে যদিও চৰকাৰী কাম-কাজৰ কোনাে খবৰ মােক নিদি চৰম গােপনীয়তা অৱলম্বন কৰা হ’ল। মোৰপৰা কেৱল ‘জয়মতীৰ অৰিজিনেল প্ৰিণ্টৰ তথ্য আৰু উৎস বিচাৰিহে চিঠি আহিল।

পাছলৈ বাতৰিকাকতৰ পৰাহে মই জানিবলৈ পালাে যে জ্যোতি চিত্রবনত ফিল্ম ইন্সটিটিউট স্থাপন হ’ল; শংকৰদেৱ কলাক্ষেত্ৰত অসমীয়া চলচ্চিত্ৰৰ আর্কাইভ স্থাপন হ’ল; আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে চৰকাৰে বার্ষিক বটা প্ৰদানৰ কাৰ্যসূচী ললে। কিন্তু মােৰ দৰে নগণ্য লেখকক প্ৰস্তাৱকাৰীৰ কৃতিত্বৰ ভাগীদাৰ হ’বলৈ দিয়া নহ’ল। ফিল্ম ইন্সটিটিউট আৰু আর্কাইভ উদ্বোধনী অনুষ্ঠানলৈ মােক প্রস্তাৱকাৰী হিচাপে সৌজন্য প্রকাশ কৰি নিমন্ত্রণ পর্যন্ত কৰা নহ’ল। বার্ষিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠানলৈকো নিমন্ত্রণপত্ৰ নাপালো। এইবােৰ চৰকাৰী আমােলাসুলভ মইমতালিৰ প্রতি নির্বিকাৰ হ’বলৈ শিকা বাবে আমাৰ বিশেষ অভিযােগ নাছিল। কিন্তু এই ধামখুমীয়াত আমাৰ ৰূপকোঁৱৰৰ স্বকণ্ঠ সংযােজিত ‘জয়মতী’ৰ ঐতিহাসিক অৰিজিনেল প্রিন্ট উদ্ধাৰ আৰু সংৰক্ষণ, আৰু সেই আপাহতে ‘জয়মতী’ৰ সর্বভাৰতীয় অভিলেখ প্রতিষ্ঠা কৰাৰ উদ্যম তল পৰি গ’ল। বাতৰিকাকতত পঢ়ি ব্যথিত হলাে যে মােৰ চিন্তা-ভাবনাৰ আধাৰতে দাঙি ধৰা প্ৰস্তাৱ অনুসৰি গঢ় লােৱা জ্যোতি চিত্ৰবন ফিল্ম ইন্সটিটিউটৰ বিষয়বাব দখলৰ বাবে কেইবাজনো দিগগজ চলচ্চিত্রব্যক্তিত্বৰ মাজত খোৱা-কামােৰা লাগি গৈছে। এই শিক্ষালয়ৰ পৰিচালনা সমিতিলৈ চৰকাৰৰ অনুমােদিত সদস্যৰূপে ১৯৯৭ চনৰ চৰকাৰী সভাখনৰ দুগৰাকী উপস্থিত লোেক যথাক্রমে কুলদী ভট্টাচার্য আৰু প্ৰাঞ্জল শইকীয়া নির্বাচিত হােৱা খবৰে কাকততে পঢ়িবলৈ পালে যদিও পূৰ্বৰ সভাৰ আঁত ধৰি বাকী প্ৰস্তাৱবােৰ কাৰ্যকৰী কৰা সম্পর্কে তেখেতসকলে মােৰ সৈতে কেতিয়াও কোনােধৰণে যােগাযােগৰ চেষ্টা নকৰিলে।

জ্যোতিপ্ৰসাদৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে কাৰ্যসূচী গ্রহণৰ বাবে অসম সাহিত্য সভাই এখন ৰাজহুৱা সভালৈ মােক পুনৰ নিমন্ত্রণ কৰিছিল। সাহিত্য সভাৰ তদানীন্তন সভাপতি হােমেন বৰগােহাঞিৰ সভাপতিত্বত অনুষ্ঠিত সেই সভাত মই জ্যোতিপ্ৰসাদৰ স্বকণ্ঠ সংযােজিত ‘জয়মতী’ৰ অৰিজিনেল প্রিন্ট উদ্ধাৰৰ বাবে সাহিত্য সভাক শতবার্ষিকী বর্ষতে জনমত গঠন কৰি কাৰ্যসূচী ল’বলৈ পুনৰ এটা প্রস্তাব উত্থাপন কৰিছিলো। কিন্তু সেই প্রস্তাব প্রত্যাখ্যান কৰি অসম সাহিত্য সভাই নিজা প্রযােজনাত ‘জয়মতী’ পুনৰ নিৰ্মাণৰহে এক অবাস্তৱ আৰু হাস্যকৰ প্রস্তাৱ গ্ৰহণ কৰে। স্বাভাৱিকতে সেই প্রস্তাব অকার্যকৰী হৈ ৰ’ল।

সম্প্রতি ‘জয়মতী’ৰ দ্বিতীয় সংস্কৰণৰ কিয়দংশ হৃদয়ানন্দ আগৰৱালাৰপৰা সংগ্রহ কৰি ডিভিডি বনাই এজন চৰকাৰী বিষয়া আৰু চলচ্চিত্র বিত্ত নিগমৰ অধ্যক্ষাগৰাকীয়ে ‘জয়মতী’ উদ্ধাৰৰ কৃতিত্ব লৈ জার্মেনি ভ্রমণ কৰি অহাৰ খবৰ কাকতত ওলাইছে। আন এগৰাকীয়ে ‘জয়মতী’ পুনৰ নির্মাণে কৰিছে। কিন্তু, ৰূপকোৱৰ জ্যোতিপ্ৰসাদে ১৯৩৫ চনতে নিজৰ কণ্ঠৰে বিয়াল্লিছটা চৰিত্ৰৰ সংলাপ ডাব কৰি আৰু নিজে গীত গাই ‘জয়মতী’ নির্মাণ কৰি ভাৰতবৰ্ষত ডাবিং প্রযুক্তি ব্যৱহাৰৰ বাটকটীয়া হৈ যি দৃষ্টান্ত প্রতিষ্ঠা কৰিছিল, সেই ইতিহাস তল পৰি গ’ল। সেই ঐতিহাসিক প্রিন্ট উদ্ধাৰৰ আৰু অভিলেখ সাব্যস্ত কৰাৰ আমাৰ হেঁপাহাে কালৰ বুকুত হেৰাই যাবলৈ এৰি দিব লগা হ’ল। অসম দেশত সেয়াই অৱধাৰিত পৰিণতি।

Chinese Dam & Diversion Plan on Brahmaputra opposed at Tibet River Conference held in Delhi

NEW DELHI: The 4th Tibet River Conference has been successfully organised at India International Centre in New Delhi on the occasion of World Water Day on the theme of ‘Brahmaputra : the Lifeline of North East India’ in presence of  many leading river engineers, scholars and activists from around the world including Tibet. The program began with an introductory speech with chanting of holy Buddhist sutras by the programme director of Dharamshala based Tibetan Students for a Free Tibet Tenzin Lekdhen Chokhang.

The first speaker was Guwahati based Assamese river engineer, author, filmmaker, jurist and activist Er Arnab Jan Deka, who spoke about the environmental challenges upon the Brahmaputra river created by the Chinese dams and secret diversion plan from India towards mainland China. The speaker during the course of his lecture revealed crucial information gathered over a period of a decade and half long research confirming secret building and operationalising of four mighty dams over the Yarlung Tsangpo or Brahmaputra river by China in Tibet including Zangmu, Jiacha, Dagu and Jiexu and five others at various stages of constructions including Daduqia with power generation capacity of 43800 megawatt and Motuo with 38000 megawatt. He also mentioned about construction of Upper Subansiri river in Tibet by China namely Axianbila. After the Chinese plan to build nine dams as hydro-electric projects and to divert the course of Brahmaputra from India to mainland China was internationally exposed by the Indo-British campaign project ‘Save the Brahmaputra River’ headed by him in 2009, China officially denied any such plan of building dams over Brahmaputra and conveyed the same to India government. But, much later China confirmed the facts after operation of the Zangmu dam in 2015, Jiacha in August 2020 and Dagu in March 2021. Speaker Deka also explained the environmental consequences of these irresponsible acts of China leading to increase in flood and erosion in Assam and other downstream riparian areas inside India and Bangladesh.

The second speaker was Tibet-born environmental researcher from Tibet Third Pole and International Tibet Network Dr Lobsung Yangtso, who spoke about impact of climate change upon Brahmaputra with a case study of Tuting village in Tibet bordering Arunachal Pradesh in India inhabited by displaced Tibetans. She produced field evidence to highlight the miserable conditions of the displaced Tibetans who have been denied basic survival facilities like drinking water and electricity in their present abode. These Tibetans in exile are not even offered any support by Indian government and they are surviving only with financial and other materials support from Tibetan Government-in-Exile in India.

 The first session was moderated by eminent rivers scientist Tashi Yangnam, who through her interventions further elaborated on the issues involved with Brahmaputra and Tibet. The lectures were followed by a lively question-answer session where attendees expressed curiosity about Assam’s official position regarding the dams built in Tibet by China over Brahmaputra which have direct bearings on Assam. They were apprised about the long standing support and concern of Assamese people and researchers about the Tibetan’s plight and issues related to dams and diversion plans of Brahmaputra and the international support to the cause received from across the world.

The second session of the conference was attended by Tenzin Nordin, who is legal officer of Tibetan Centre for Human Rights and Democracy, independent researcher Dr Mirza Zulfiqur Rahman and research fellow Dhondup Wangmo and was moderated by Dr Lobsung Yangtso. Dhondup Wangmo spoke about Third Pole Cryosphere which has downstream impacts on Brahmaputra and explained the theory with interesting examples. Dr Mirza spoke about trans-boundary rivers around the Himalayas originating in Tibet and how they influence environmental, economic and political issues around the countries. Tenzin Nordin describe the plight of Tibetan human rights activists inside China who are facing atrocities and imprisonment for a long time for their demand for more autonomy and freedom to practice their religion freely in China. She described heart-wrenching experiences of many exiled Tibetan stalwarts and also put on record the cases of many missing Tibetans inside China. Moderator Dr Lobsang effectively conjured up the thought process of all the speakers with her enlightened titbits and wisdom. The entire conference was a very lively and interactive one as all the speakers were asked many interesting questions by attending students and scholars. The audience called for more proactive collaboration between Tibetan and Assamese activists and researchers as close neighbours on Brahmaputra research and protest again Chinese dams and diversion plans.

The conference concluded on a positive note with the hope that it will open up more international deliberations on Chinese dams over Brahmaputra and the environment challenges faced by the river due to careless human interventions. Vote of thanks was offered by Delhi chapter president of the Tibetan students body Nyidon Tenzin and was concluded with a Tibetan lunch at a prominent Tibetan restaurant inside Tibetan Colony in Majnu Ka Tila in Central Delhi.

In photo, 4th Tibet International River Conference on Brahmaputra in Delhi attended by (from left) Arnab Jan Deka, Tashi Yangnam, Dr Lobsang Yangtso, Tenzin Lekdhen Chokhang

Art, Beyond Borders

(In photograph, world cinema legend Polish filmmaker Kryztoff Zanussi with Assamese author-actor-director Arnab Jan Deka)

by Prantik Deka, Saturday, 26 October 2019

https://assamtimes.org/node/22219?fbclid=IwAR2LeV3TFg54AayftcqqvvsF2XNAfcLPVDud3XRFKJFmuTHgd29URhApHV4

A prolific novelist, short story writer, poet, playwright, screenplay writer, documentary filmmaker, columnist, TV actor, river engineer, eco-technocrat all rolled into one, Arnab Jan Deka’s wide-ranging literary interests led him to start writing fiction just at the end of the twentieth century, and two leading Assamese literary journals – Prantik and Goriyoshi, firmly established his reputation as a serious story-writer in Assam. “My first Assamese short story collection in addition to my first novel got published in 1999, and both saw unprecedented success and were runaway hits among readers,” the celebrated author recalls.  And within the next two decades, his short stories and novels received wider readership both within Assam and outside.

“In fact, I received far greater appreciation among the non-Assamese readers outside the state and even India through translation of my writings,” he says. Blessed with an analytical mind and a fertile imagination, Arnab Jan Deka’s first official recognition for his fiction work came in 2003 when one of his short stories – Himalayan Mystic Meeting, won an award at the Katha International Short Story Festival in New Delhi, where it was cited for its “skilful depiction of the essence of Indian heritage and how it blended with the universal philosophy of life”.

His biographical novel on his father, renowned educationist, author, scholar and a pioneer economist of Assam, Principal Bhabananda Deka – Bhaba Ananda Sambad, won him the prestigious Assam Government Publication Board Golden Jubilee Novel Award in 2006.

Subsequently, in the year 2009, the first collection of his translated short stories in Bengali – Mexico Shohore Ekjon Premika Ebong Koyekta Golpa, was published by a publisher from Kolkata’s College Street – a hallowed hub of Kolkata’s literary crowd. “That book received unprecedented popularity among the Bengali speaking public both in West Bengal as well as Bangladesh and opened up new vistas for my literary expedition,” he said. During the next few years, his short story collections got translated into several other languages and published in different corners of the globe, bringing rare recognition to the author.

Deka was also approached by the popular Assamese film actor-director Brojen Borah to adapt one of his popular novels – Soisobote Dhemalite, based on children’s rights to freedom and education, into a television serial in 2010. This serial was the swan song production of eminent producer-actor late Pramod Baruah.

Meanwhile, academics and universities outside Assam started paying special attention to Deka’s short stories as they were regularly published in different leading publications in other languages in translated forms. A leading university of South India – Manonmaniam Sundaranar University, incorporated three of his widely read short stories – Himalayan Mystic Meeting, Three Village Girls and Mother America, into the syllabus of their Masters Degree Program in English language, a rare achievement that Deka himself was, interestingly, unaware of in the beginning. “I only came to know about this rare honour when university and college teachers under that university contacted me online enquiring about publication of my storybook in English containing those three particular stories as they desperately needed my books to teach in classes and prepare research papers on my short stories,” he recollects.

These series of interesting events ultimately led to two significant cinematic collaborations outside of Assam involving his stories and novels. There is something enormously satisfying about seeing such efforts getting a favourable response. “About three years back, I met a Mexican actor Betzabel Falfan who read my popular short story – Mexico Sohorot Ejoni Premika, which was published in Assamese in Prantik in 2002, and was later translated into English, Spanish and other languages and was even published from Mexico,” he says.

After a thorough discussion with the actor, they arrived at an understanding to enlarge the ambit of the storyline into a complete novel and adapt it into a full-length feature film. The story depicts the common anthropological and geographical threads that binds together two extremely opposite cultures from two different corners of the globe into a cohesive force blended in humanism and romance.

Betzabel also proposed that a Spanish version of the film should be made, apart from English and Assamese, so that her fellow countrymen could enjoy the first cinematic collaboration between India and Mexico. “She told me that the Mexicans always look up to India for its rich cultural ethos and traditions, since their own ancient Maya and Aztec civilizations were destroyed by the Spanish invaders and the present generation of Mexicans have no link with their own past,” he says.

It is interesting to note that Betzabel herself learned Sattriya dance and opened a Sattriya dance school back in her hometown Leon. “Due to her enthusiasm and support, we decided to make the film a trilingual one, titled in Assamese as Mexico Nogorat Mor Premika, in English as My Sweetheart in Mexico and in Spanish as Mi Amor en Mexico,” Deka says.

Betzabel Falfan also actively collaborated with Arnab Jan Deka in developing the storyline and screenplay for the film, which is being directed by Deka himself. Music for the film will be scored by the talented duo Ankur-Ankan, both of whom have considerable exposure in multinational collaborative music. While Ankur has been more into classical genre and brought out several albums in different languages, Ankan specialises in lighter fusion music and has won several major international awards for his iconic song Awaaz, which was created as a tribute to the Delhi gang-rape victim. Both were lucky to have received tutelage from none other than the legendary artist Dr Bhupen Hazarika.

“We decided to incorporate an international cast of artistes from different countries, apart from Mexico and Assam, and accordingly proceeded in a clearly chalked out plan,” says Deka.

Accordingly, the film’s first phase of shooting has been wrapped up recently. During this schedule, the unit, lead by Deka, extensively shot in and around Brahmaputra, both over the river and on the north bank. A number of major scenes, involving artistes from Italy and Britain, have been shot. Almost 40 per cent of the scheduled shooting has been completed and the unit plans to shoot the next schedule in the southern states of the USA and Mexico.

Meanwhile, two film and television production houses based in Mumbai and Haryana approached Arnab Jan Deka for the Hindi film and television rights of four of his novels and five short stories. Popular Bollywood actress Priyanka Chopra’s uncle and Parineeti Chopra’s father, Pawan Chopra, is one of the partners of the production companies. “They invited me to their ancestral home at Ambala Cantonment in Haryana and graciously offered their warm hospitality, during which we finalised our deal for the Hindi adaptation of my novels – Natun Kurukshetra, Prem Asambhav, Xhoixobote Dhemalite and Xuxamoy Duxamoy as well as short stories Chitraxalar Xapon, Khalnayikar Hahi, Himalayan Mystic Meeting, Restless with Tess and Return of the Nightmare,” Deka recalls.

As the first venture signalling his foray into Hindi filmdom, the production house adapted his novel Natun Kurukshetra into a Hindi television serial Naya Kurukshetra, which was approved by New Delhi-based India government body Prasar Bharti for pan-Indian telecast in the Doordarshan National (DD-1) TV channel in October 2021. Arnab Jan Deka co-wrote the screenplay and Hindi dialogues and also officiated as associate director for the serial, which is being directed by leading Punjabi actor-director Parmod Pabbi. A number of artistes from Mumbai, Punjab, Haryana, Kolkata have been cast in important roles in the serial. In total, 26 episodes of the serial were shot and telecast in DD1 channel, and each episode is now available in YouTube