ব্রহ্মপুত্রত চীনা বান্ধ আৰু ব্ৰহ্মপুত্ৰৰ পানী চীনলৈ বােৱাই নিবৰ বাবে গােপনে পৰিকল্পনা
–ড° অৰ্ণৱ জান ডেকা
জনসাধাৰণ, 9 December 2010
২০১০ৰ জুলাই মাহত আমেৰিকাৰ বিশ্ববিখ্যাত সংবাদ-পত্ৰ ইণ্টাৰনেশ্যনেল হেৰল্ড ট্রিবিউন আৰু নিউয়র্ক টাইম্ছ তথা জাপানৰ শীর্ষস্থানীয় দৈনিক কাকত ‘আছাহি শিমবুন’ৰ সাংবাদিক ব্ৰহ্মপুত্ৰত চীনা বান্ধ সম্পৰ্কত মোৰ গৱেষণাৰ সাফল্য সম্পৰ্কে সাক্ষাৎকাৰ ল’বলৈ গুৱাহাটীলৈ আহিছিল। ব্ৰহ্মপুত্ৰৰ পানী চীনদেশলৈ বোৱাই নিবৰ বাবে দীৰ্ঘদিন ধৰি চীনে গোপনে পৰিকল্পনা চলাই অহাৰ পিছত শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত বান্ধ নিৰ্মাণ কৰিবলৈ লোৱাৰ আমি তীব্ৰ বিৰোধিতা কৰি বিশ্বজুৰি প্ৰচাৰ চলাই যাবৰ বাবে অসম ফাউণ্ডেশ্যন-ইণ্ডিয়া আৰু অধ্যক্ষ ভৱানন্দ ডেকা ফাউণ্ডেশ্যন নামৰ দুটা স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা ব্ৰিটেইনৰ সহযোগত ‘ছেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ’ নামৰ ইণ্ডো-ব্ৰিটিছ আন্তঃৰাষ্ট্রীয় অভিযান এটা ২০০৯ চনৰ জুলাই মাহত আৰম্ভ কৰি অৰ্জন কৰা সফলতাৰ পিছতেই এই বিশ্ববিখ্যাত কাকতবোৰৰ তৰফৰ পৰা আমাৰ অভিযানক আন্তর্জাতিক মান্যতা দিবলৈ সাক্ষাৎ গ্রহণ কৰিছিল। সেই প্রসংগতে বিশ্ববিখ্যাত জাপানী সাংবাদিক য়ুকিফুমি টাকেউচিয়ে টকিঅ’ৰ পৰা গুৱাহাটীলৈ আহি মোক লগ ধৰি সাক্ষাৎকাৰ লওতে কৈছিল যে চীন দেশে ব্ৰহ্মপুত্ৰৰ পানীভাগ ভাৰত আৰু বাংলাদেশক বঞ্চিত কৰি নিজৰ দেশলৈ বোৱাই নিবৰ বাবে যিবোৰ বান্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত সাজিব লাগিছে, তাৰ পৰিণতি সমগ্ৰ বিশ্বৰ বাবেই অতি ভয়ংকৰ হৈ পৰিব। মই ব্ৰিটিছ সহযোগীৰ সৈতে কৰা গৱেষণাত ধৰা পৰিছিল যে চীনে ব্ৰহ্মপুত্ৰৰ পানীভাগ নিজৰ দেশৰ মধ্যভাগলৈ বোৱাই নি দেশখনৰ ক্রমবর্ধিত পানীৰ নাটনি দূৰ কৰাৰ বাবে ইতিমধ্যে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। গতিকে, চীনৰ সেই গোপন আঁচনিৰ বিৰোধিতা কৰা আমাৰ প্ৰধান অভিযান হৈ পৰিছিল। সেইবাবেই আমাৰ সফল প্ৰচাৰে আন্তৰ্জাতিক মহলক ২০১০ চনতে উদ্বিগ্ন কৰি তুলিছিল।
আমাৰ অভিযানত আহৰণ কৰা তথ্যৰ আধাৰত ভাৰতক ব্ৰহ্মপুত্ৰৰ জলসম্পদৰ পৰা বঞ্চিত কৰি চীন দেশে নিজৰ দেশলৈ ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিবলৈ বর্তমান নির্মাণ কৰিবলৈ লোৱা বান্ধবোৰৰ নাম, এলেকা আৰু উৎপাদন হ’ব লগীয়া জলবিদ্যুতৰ পৰিমাণ তলৰ তালিকাত উল্লেখ কৰা হ’ল :
মোটুও কংপো, তিব্বত ৩৮,০০০ মেগাৱাট।
দাদুকিয়া কংপো, তিব্বত ৪৩,৮০০ মেগাৱাট।
লাংঝেন কংপো, তিব্বত ১২০০ মেগাৱাট।
ঝোংদা কংপো, তিব্বত (নির্ণয় হোৱা নাই)।
ঝাংমূ লোখা, তিব্বত ৫১০ মেগাৱাট।
জিয়াচা লোখা, তিব্বত ৩২০ মেগাৱাট।
লেংদা লোখা, তিব্বত (নির্ণয় হোৱা নাই)।
জিয়েশু লোখা, তিব্বত (নির্ণয় হোৱা নাই)।
য়াংহ শেনোন, তিব্বত ৯০ মেগাৱাট।
ইয়াৰ উপৰি, সোৱণশিৰি নদীৰ ওপৰত চীনে নির্মাণ কৰিবলৈ লোৱা বান্ধটোৰ বিৱৰণ হ’ল এনে ধৰণৰ :
অসিআংবিলা লোখা, তিব্বত ৪৮০ মেগাৱাট।
ব্ৰহ্মপুত্ৰৰ স্বাৰ্থ ৰক্ষাৰ্থে আমাৰ বিভিন্ন আন্তর্জাতিক কার্যসূচী ইতিমধ্যে অভূতপূৰ্ব ৰূপত সফল হোৱাৰ বিপৰীতে অসমৰ বৌদ্ধিক সমাজ আৰু আগশাৰীৰ সংগঠনবোৰে চীনৰ আগ্রাসী আচৰণ সম্বন্ধে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে। ব্ৰহ্মপুত্ৰৰ পানীভাগ নিয়ন্ত্রণ কৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ বাবে এতিয়া ভাৰত আৰু চীন দেশে সমানেই সক্রিয়তা প্ৰদৰ্শন কৰিবলৈ লৈছে যদিও চীনৰ ক্ষেত্ৰত সম্পূৰ্ণ মৌনব্ৰত লৈ কেৱল ভাৰতীয় সীমাৰ ভিতৰত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা সোৱণশিৰি বান্ধৰ বিৰোধিতাতহে অসমৰ কিছু ব্যক্তি আৰু সংগঠন সৰৱ হৈ পৰা দেখা গৈছে।
সম্প্রতি ভাৰত চৰকাৰে আগভাগ লৈ ব্ৰহ্মপুত্ৰৰ মূল উপনৈ সোৱণশিৰি আৰু দিহাং নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি আছে। জলবিদ্যুৎ প্রকল্প হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা এই বান্ধৰ কাম অর্ধেকৰো অধিক হৈ যোৱালৈকে সকলো অসমীয়াই নীৰৱ সমৰ্থন দি আছিল। কিন্তু, হঠাতে অসমৰ বহুকেইটা সংগঠনে বান্ধ নিৰ্মাণৰ বিৰুদ্ধে কিছুদিন সৰৱ হৈছিল। তেওঁলোকে মূলতঃ সোৱণশিৰি বান্ধ নিৰ্মাণৰ বিৰুদ্ধে দাবী জোৰদাৰ কৰি তুলিছিল। কিন্তু, অতি আশ্চর্যজনকভাৱে সংগঠনবোৰে কেৱল ভাৰতীয় এলেকাত অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা সোৱণশিৰি বান্ধৰহে বিৰোধিতা কৰিছে, চীনে একেখন নদীৰ ওপৰতে উজনিত তিব্বতীয় এলেকাত নিৰ্মাণ কৰি থকা আপাৰ সোৱণশিৰি বান্ধৰ বিৰোধিতা কৰা নাই ।
ইয়াৰ পৰিপ্ৰেক্ষিতত সোৱণশিৰি আৰু দিহাং নৈত ভাৰতীয় বান্ধ নিৰ্মাণৰ আঁৰতনো কোন ব্যক্তি আৰু সংগঠনৰ দাবী আৰু সমৰ্থন আছিল, সেয়া বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। ব্ৰহ্মপুত্র বোর্ডে ১৯৮৬ চনত প্রস্তুত কৰা মাষ্টাৰ প্লেন অব্ ব্ৰহ্মপুত্ৰ বেছিনত অনুমোদন জনোৱা আঁচনিবোৰৰ ভিতৰত অন্যতম আছিল সোৱণশিৰি আৰু দিহাং নৈত বান্ধ নিৰ্মাণ।
Clause: hydropower : Sub-clause : 10.1 : The Brahmaputra basin has large power potential which is about half of the total hydroelectric potential of India. But of the potential of 41,000 MW installed capacity in the basin, the development so far has been meagre, the capacity actually installed being only 125 MW with another 310 MW under implementation. Two large multipurpose projects, the Dihang dam project and the Subansiri dam project have been fully investigated and their reports submitted to Government. Their installed power capacity is 20,000 MW and 4,800 MW respectively.’
Sub-clause : 10.2: “The large block of power which would be generated at the Dihang and Subansiri dams can be used in power intensive industries and for other purposes in North-Eastern Region and the surplus power exported to Eastern and other regions,” Sub-clause:10.3 : “As the sources of cheap hydro-electric power have to be exploited early and fully for the benefit of North Eastern Region in particular and the country at large, steps should be taken to investigate the power intensive industries which can be set up in this.region, as well as other uses ol’ power which contribute to economic development. Also, detailed studies should be made for transmitting large blocks of power beyond the Brahmaputra valley.”
ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ১৯৮৬ চনত প্ৰস্তুত কৰা সেই মাষ্টাৰ প্লেনৰ সমৰ্থন কৰি সদৌ অসম ছাত্ৰ সন্থাই ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৮৬ চনৰ ১৪ আগষ্টত দাখিল কৰা স্মাৰক-পত্ৰত সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনাইছিল।
‘Para-10 Proper utilization of water resources : Ii is indeed tragic that even after about 40 years of Independence, our waterways have not been put to use for navigation, transport and generation of cheap hydel power although the potential for such power generation is immense and in the order of 43,000 MW… MASU demands that multipurpose hydel schemes for flood control, irrigation and power generation be taken op on a priority basis to utilize the water of the Brahmaputra basin for the national benefit. As a first step, the Subansiri Project may be implemented without any further delay, and sufficient funds may be made available for immediate commencement of the project work. AASU express its strong resentment at the non-inclusion of the Subansiri Project in the 7th Five Year Plan by the Central Government.’
অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো ব্ৰহ্মপুত্র বোৰ্ডৰ মাষ্টাৰ প্লেনৰ আধাৰত দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনাই উত্তৰ প্ৰদেশ পর্যন্ত বিদ্যুৎ পৰিবহণৰ সম্ভাৱনীয়তা সম্বন্ধে উল্লেখ কৰি ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৮৮ চনৰ ১৪ ছেপ্টেম্বৰত স্মাৰক পত্ৰ দাখিল কৰিছিল।
Clause : 16: Sub-clause-(vii): Meanwhile, the scheme prepared by the Brahmaputra Board should be implemented. Particularly the Dihang and the Subansiri Projects, which will reduce the immensity of the flood and at the same time generate enough cheap hydro-electric power to feed the regional grids in the entire Northern belt upto Uttar Pradesh should be taken up immediately.
আনহাতে, অসম চুক্তি ৰূপায়ণ সম্বন্ধে পৰামর্শ দিবলৈ পৰিকল্পনা আয়োগে গঠন কৰা এল চি জৈন সমিতিয়ে অসমৰ অৰ্থনৈতিক উন্নয়ৰ বাবে এপ্রিল, ১৯৯০ত দাখিল কৰা প্রতিবেদনতো দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ ন্যায্যতা সাব্যস্ত কৰি স্পষ্টভাৱে উল্লেখ কৰিছিল।
Flood Control; Clause 2.43: “In the Brahmaputra valley, two major dams have been fully investigated- a dam on the Dihang high with a live storage of 3 million ha.m at a cost of Rs. 12,171 crores and a dam on the major tributary Subansiri, which will be 257 m. high with a live storage million ha.m. and installed capacity of 4800 MW at cost of Rs. 4200 crore. Both of these dams together to lower the peak flood levels of the Brahmaputra by 1.5 metres.” Clause 2.44: “Since the scope of irrigation in the Brahmaputra valley through surface water is rather limited, the proposed dams have to be justified mainly from the benefits of hydropower generation. Dihang and Subansiri dams ore justified from this angle.”
এই তথ্যবোৰৰ পৰা সন্দেহাতীতভাৱে প্ৰমাণ হৈ যায় যে দিহাং আৰু সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম সদৌ অসম ছাত্ৰ সন্থাৰ দাবী অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্মাৰক-পত্ৰৰ পৰিপ্ৰেক্ষিতত, এল চি জৈন সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ আধাৰত আৰু ব্ৰহ্মপুত্ৰ বোর্ডে ১৯৮৬ চনত প্ৰস্তুত কৰা মাষ্টাৰ প্লেন অব্ ব্ৰহ্মপুত্ৰ বেচিনত জনোৱা অনুমোদন অনুসৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। সেই তথ্য ৰাজহুৱা নথিভুক্ত হৈ থকা সত্ত্বেও যে চীনা বান্ধলৈ মৌন সমর্থন দি ভাৰতীয় বান্ধৰ বিৰোধিতা কৰা হৈছে, তাৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ প্ৰয়োজন হৈছে।
মনত ৰাখিব লাগিব যে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অসম বা ভাৰতৰ এদনীয়া অধিকাৰ নাই। পৃথিবীৰ অন্যতম বৃহৎ এই নদখনি চীনৰ অধীনস্থ তিব্বতৰ পৰা বৈ আহি ভাৰতবৰ্ষৰ অৰুণাচল আৰু অসমৰ মাজেৰে পাৰ হৈ বাংলাদেশ হৈ বংগ উপসাগৰত পৰিছে। গতিকে, দেখদেখকৈ তিনিখন দেশৰ এই বৃহৎ নদৰ ওপৰত অধিকাৰ, আছে। গতিকে, ব্ৰহ্মপুত্ৰ নদৰ পানী ব্যৱহাৰ কৰাৰ বাবে কৰা যিকোনো পৰিকল্পনাই তিনিওখন দেশৰ সমাজ জীৱনক প্রভাবিত কৰিব, আৰু সেই কথা মনত ৰাখিহে আগবাঢ়িব লাগিব। দুটা দশকৰ আগতেই এই নদীবান্ধ নিৰ্মাণৰ দাবী জনোৱা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা উক্ত দাবীৰ ন্যায্যতা সম্পর্কে স্পষ্টীকৰণ আদায় নকৰাকৈ, আৰু অসমৰ সকলো ৰাইজক প্ৰতিনিধিত্ব কৰি প্ৰধান মন্ত্ৰীক স্মাৰক-পত্রযোগে নদীবান্ধ নিৰ্মাণৰ দাবী কৰা অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ তেতিয়াৰ আৰু বর্তমানৰ স্থিতি সম্পর্কে অবগত নোহোৱাকৈ নদীবান্ধ সম্পর্কে নতুন কোনো সংগঠনে নতুন স্থিতি গ্ৰহণ কৰিলেও সেয়া ৰাইজৰ সন্দেহৰ আৱৰ্তত সদায় ৰৈ যাৰ। তদুপৰি, সকলো সংগঠনেই চীনে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা সৰ্বমুঠ দহোটা বান্ধৰ কিয় বিৰোধিতা কৰা নাই, সেই সম্পর্কতো নিজৰ স্থিতি স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন আছে।
চীন, ভাৰত আৰু বাংলাদেশৰ সৈতে ভৌগোলিক আৰু অর্থনৈতিকভাবে জড়িত নদৰ প্ৰতি অহা পাৰিপার্শ্বিক প্ৰত্যাহ্বানৰ প্ৰতি ব্ৰিটেইনৰপৰা জাপানলৈকে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈকে প্রকাশ পোৱা উদ্বিগ্নতা সঁচাকৈয়ে তাৎপর্যপূর্ণ। দুয়োখন দেশৰ নাগৰিকৰ সৈতে হোৱা মোৰ পোনপটীয়া যোগাযোগতে তেওঁলোকৰ আগ্ৰহৰ কাৰণ বিশদভাবে জ্ঞাত হৈছোঁ। তেওঁলোকে ভাবে যে ব্ৰহ্মপুত্রৰ দৰে এখন বিশাল নৈৰ পানী পৰিবেশসম্মত ৰূপত ব্যৱহাৰ নকৰি কেৱল অৱজ্ঞা আৰু ব্যৱসায়িক কাৰণতে যদি অপব্যৱহাৰ কৰা হয়, তাৰ ফল বিশ্ববাসীয়েই ভূগিব লাগিব। এনে দুর্ব্যৱহাৰৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ক্রমাৎ দূষিত হ’বলৈ ধৰিছে। নদীবান্ধবোৰে জলসম্পদৰ ভয়ানক হাৰত ক্ষতি কৰিব বুলি তেওঁলোকে বিবেচনা কৰে। ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁত যদি ভাৰতৰ পৰা চীলৈ সলনি কৰা হয়, তাৰ পৰিণাম ভয়ংকৰ হ’ব। এনে কার্যই কোটি কোটি মানুহৰ জীৱনলৈ ভীষণ দুর্যোগ নমাই আনিব। পৰিবেশৰ ওপৰত এনে দুষ্কাৰ্যৰ প্রভাৱ ইমানেই ভয়াবহ হ’ব যে হিমালয়ৰ বৰফভাগ সম্পূর্ণ গলি যাব পাৰে, আৰু তাৰ ফলত হোৱা বানপানীয়ে কেবল নৈপৰীয়া মানুহখিনিৰে সর্বনাশ কৰি ক্ষান্ত নহ’ব, সেই অতিৰিক্ত পানীভাগে বিশ্বজুৰি সমুদ্ৰ জলপৃষ্ঠ বঢ়াই দিব আৰু বহুতো সৰু দ্বীপ ডুব যাব। বিশ্বজুৰি বতৰৰ দ্রুত পৰিবৰ্তন ঘটিব, আৰু গোলকীয় উষ্ণতা তীব্র হাৰত বৃদ্ধি পাব। এনে সম্ভাৱ্য পৰিণামৰ চিত্ৰখনে জাপান আৰু ব্ৰিটেইনৰ দৰে দ্বীপৰাষ্ট্ৰৰ বাসিন্দাসকলক ব্ৰহ্মপুত্ৰৰ ওপৰলৈ অহা পাৰিপার্শ্বিক ভাবুকিৰ প্রতি অধিক উদ্বিগ্ন কৰি তুলিছে বুলি মোৰ ধাৰণা হৈছে।
ব্ৰহ্মপুত্ৰৰ জলসম্পদক লৈ অসমবাসীয়ে যদি স্থায়ী, সুস্পষ্ট আৰু দ্বিধামুক্ত নীতি আৰু স্থিতি অনতিবিলম্বে স্পষ্ট কৰি নিদিয়ে, এই কাপুৰুষালিৰ পৰিণতি অসমবাসীয়েই ভুগিব লাগিব ।

