চুইডেনৰ চিত্ৰশিল্পীৰ চিত্ৰ-প্ৰদৰ্শনী, আন্তৰ্জাতিক সহযোগিতাৰে নিৰ্মিত তথ্যচিত্ৰৰে অসমীয়া গল্পকাৰৰ সাহিত্যযাত্ৰাৰ অদ্ধৰ্শতাব্দী উদযাপন

ওঠৰ ছেপ্তেম্বৰ দুহেজাৰ পঁচিশৰ পৰা চুইডেনত অনুষ্ঠিত হোৱা প্ৰখ্যাত চুইডিছ চিত্ৰশিল্পী হেইকো বাস্তেনৰ তৈলচিত্ৰৰ প্ৰদৰ্শনীত তেওঁৰ বাছকবনীয়া কিছু চিত্ৰকলাৰ লগতে অতি শেহতীয়াকৈ তেওঁ অসমীয়া জনপ্ৰিয় গল্পকাৰ ড॰ অৰ্ণৱ জান ডেকাৰ সাহিত্যযাত্ৰাৰ অদ্ধৰ্শতাব্দী পূৰ্ত্তিৰ সৈতে ৰজিতা খুৱাই আঁকি উলিওৱা এখন অভিনৱ তৈলচিত্ৰও প্ৰদৰ্শিত হয়৷ প্ৰখ্যাত বিদেশী চিত্ৰশিল্পীয়ে এনেদৰে পৰ্ট্ৰেট তৈলচিত্ৰ আঁকি সন্মান যঁচা ড॰ ডেকা প্ৰথম আৰু একমাত্ৰ অসমীয়া সাহিত্যিক৷

      উল্লেখনীয় যে বিগত পাঁচটা দশকত সৰ্বমুঠ ডেৰশতকৈয়ো অধিক মৌলিক আৰু গৱেষণা-গ্ৰন্থ অসমীয়া, ইংৰাজী, বাংলা আৰু হিন্দীত প্ৰণয়ন কৰা অসমীয়া সাহিত্যিকগৰাকীৰ প্ৰথম মৌলিক ৰচনা উনৈশ শ পয়সত্তৰ চনৰ উনৈশ ছেপ্টেম্বৰ তাৰিখৰ ‘অসম বাণী’ কাকতত প্ৰকাশ পাইছিল আৰু পৰৱৰ্ত্তী আঢ়ৈকুৰি বছৰধৰি বৰ্ত্তমানলৈকে তেওঁৰ গল্প, প্ৰৱন্ধ, কৱিতা, উপন্যাস আদি অসমৰ আগশাৰীৰ কাকত-আলোচনী প্ৰান্তিক, গৰীয়সী, অসম সাহিত্য সভা পত্ৰিকা, দ্য অসম ট্ৰিবিউন, দৈনিক অসম, দৈনিক জনমভূমি, অগ্ৰদূত, সাদিনৰ পৰা নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ, দ্য ছেণ্টিনেল, আমাৰ অসম, আজি, গণ অধিকাৰ, দৈনন্দিন বাৰ্তা আদিৰ লগতে মেক্সিকোৰ কাকত ৱাক্সাকা টাইমছৰ দৰে বিদেশী পত্ৰিকাতো প্ৰকাশ পাই আহিছে৷ তদুপৰি, দেশ-বিদেশৰ বহু গৱেষণা পত্ৰিকাত তেওঁৰ ব্ৰহ্মপুত্ৰত চীনাবান্ধৰ পাৰিপাৰ্শ্বিক ভাবুকি, ভাৰতীয় চিনেমাৰ প্ৰকৃত বাটকটীয়া চলচ্চিত্ৰকাৰ, শংকৰদেৱৰ কলাবস্তুৰ আধুনিক প্ৰযুক্তিসন্মত উপাদান আদি বিষয়ক বহু গৱেষণা-পত্ৰও প্ৰকাশ পাই আহিছে৷ শৈক্ষিকভাৱে চিভিল ইঞ্জিনিয়াৰিং, আইন, কম্পিউটাৰ বিজ্ঞান, গণসংযোগৰ ডিগ্ৰীধাৰী ড॰ ডেকাই গণসংযোগ আৰু সাংবাদিকতা বিষয়ত পিএইচডি উপাধি অৰ্জন কৰিছে৷

        এই অসমীয়া লেখক-গৱেষকগৰাকীৰ পাঁচদশকজোৰা বৌদ্ধিক অৱদানৰ স্বীকৃতিৰে অলপতে বিশ্বপ্ৰসিদ্ধ আলিগড় মুছলিম বিশ্ববিদ্যালয়ে দুখন ইংৰাজী গ্ৰন্থ কিংবদন্তি হৈ পৰা ইতিহাসবিদ-সমাজবিজ্ঞানী ড॰ ইৰফান হবিব আৰু বুকাৰ মনোনীত বৃটিছ ঔপন্যাসিক ড॰ ছাইমন এণ্ড্ৰিউ নৰ্থৰ হতুৱাই উন্মোচন কৰাই ড॰ ডেকাকো বিশ্ববিদা্যালয়খনৰ আন্তৰ্জাতিক সাহিত্য উৎসৱত সম্বদ্ধৰ্না জ্ঞাপন কৰে৷

        অসমীয়া লেখকগৰাকীৰ সুদীৰ্ঘ বৌদ্ধিক যাত্ৰাত আন্তৰ্জাতিক স্তৰত সহযোগী হৈ কাম কৰি অহা চুইডেন, ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড, হাংগেৰী প্ৰভৃতি দেশৰ বহুকেইগৰাকী বিশিষ্ট চিত্ৰশিল্পী, লেখক, বিজ্ঞানী, প্ৰযুক্তিবিদ, চলচ্ছিত্ৰকাৰ, পৰিৱেশবিদৰ বক্তৱ্যৰ দৃশ্যগ্ৰহণেৰে এখন নিৰ্মিয়মান ইংৰাজী তথ্যচিত্ৰও এই উপলক্ষ্যত শুভমুক্তি লাভ কৰিব৷ ড॰ ডেকাৰ সৈতে যুগ্মভাৱে গ্ৰন্থ ৰচনা, নদী-গৱেষণা, চলচ্ছিত্ৰ নিৰ্মাণ, পৰিৱেশসন্মত প্ৰযুক্তি উদ্ভাৱন, ব্ৰহ্মপুত্ৰকেন্দ্ৰিক গল্প আৰু কৱিতাৰ চিত্ৰায়নেৰে তৈলচিত্ৰ অংকন আদি বহুৰাষ্ট্ৰীয় প্ৰকল্পত কাম কৰি অহা নেডাৰলেণ্ডৰ চিত্ৰশিল্পী মিৰিয়াম ডেইক আৰু নদীবিজ্ঞানী অধ্যাপক ড॰ কনষ্টেনটিন অউৰেল ষ্টেৰে, আমেৰিকান লেখিকা বাৰবাৰা এন কিং, ইটালিয়ান কৱি আৰু সমাজবিজ্ঞানী ড॰ এণ্টনিয়েট্টা দি লোৰেঞ্জো, চুইডেনৰ কৱি অৰ্ভিদা স্বেনস্কে আৰু চিত্ৰশিল্পী হেইকো বাস্তেন, কানাডাৰ লেখিকা, চলচ্ছিত্ৰ সমালোচক, সাহিত্য সম্পাদক তথা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা লউৰিন্দা হাৰ্ট-ফৰ্ণিয়েঁ, আমেৰিকাৰ প্ৰখ্যাত মাছাচুছেটছ ইনষ্টিটিউট অৱ টেকনোলোজীৰ শিক্ষক গোৱেনদফ জোনছ আৰু নদী-বিশেষজ্ঞ টেৰি ষ্টিফলাৰ, স্পেইনৰ ঔপন্যাসিকা, চলচ্ছিত্ৰৰ চিত্ৰনাট্যকাৰ-পৰিচালক ক্লেয়াৰ এলিজাবেথ টেৰী প্ৰভৃতি বিশিষ্ট ব্যক্তিয়ে এই তথ্যচিত্ৰৰবাবে ড॰ অৰ্ণৱ জান ডেকাৰ সৈতে কাম কৰা স্মৰণীয় অভিজ্ঞতা বৰ্ণনা কৰে৷

অসম-নিৱাসী এজন অসমীয়া লেখকৰ সাহিত্যিক জীৱনৰ পঞ্চাশ বছৰজোৰা সাফল্যই এনেদৰে বিশ্বৰ বিভিন্ন দেশৰ বিশিষ্ট বৌদ্ধিক আৰু সৃষ্টিশীল লোকৰ সমাদৰ লাভ কৰাটো এই বিৰল পৰিঘটনা বুলি সচেতন অসমীয়া সাহিত্যানুৰাগীয়ে মত প্ৰকাশ কৰিছে৷

Leave a comment